thumbnail

Maize Cultivation in Jonai: মাকৈ খেতিৰে স্বাৱলম্বী জোনাইৰ দুই ভ্ৰাতৃ

By

Published : Mar 12, 2023, 8:13 PM IST

জোনাই, ১২ মাৰ্চ: মাকৈ খেতি কৰি স্বাৱলম্বীতাৰ পথ বাছি লৈছে জোনাইৰ দুই ভ্ৰাতৃয়ে (Self sufficient in Maize cultivation at Dhemaji) । ধেমাজি জিলাৰ জোনাইৰ ১ নং মুৰ্কংচেলেক গাঁৱৰ নকেশ পেগু আৰু নৱ কুমাৰ পেগু নামৰ দুই ভ্ৰাতৃয়ে প্রতি বছৰৰ দৰেই এইবাৰো মূৰ্কংচেলেক গাঁৱৰ ৰুকচিন পথাৰত ২০ বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ মাকৈ খেতি কৰিছে । জোনাই মহকুমা কৃষি বিভাগে যোগান ধৰা উন্নত মানৰ মাকৈৰ বীজেৰে প্ৰতিবছৰে খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে দুই ভ্ৰাতৃ ।

উল্লেখ্য় যে নকেশ আৰু নৱ কুমাৰ পেগুৱে প্ৰতি বছৰে মাকৈ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে বহুকেইগৰাকী স্থানীয় নিবনুৱা যুৱক-যুৱতীয়ে কর্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে, ভ্ৰাতৃদ্বয়ে মাকৈ খেতিৰ উপৰি ধান, আলু, ৰঙালাও আদি বিভিন্ন ধৰণৰ খেতি কৰিও আর্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । উল্লেখ্য যে যি সময়ত কৰ্ম সংস্থাপনৰ সন্ধানত ৰাজ্যৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে জোনাইৰ ১ নং মূৰ্কংচেলেক গাঁৱৰ নকেশ পেগু আৰু নৱ কুমাৰ পেগুৰ এনে কৃষি-কৰ্মই দেখুৱাইবলৈ সক্ষম হৈছে স্বাবলম্বীতাৰ নিদৰ্শন ।

লগতে পঢ়ক:Reaction on municipality tax hike : বিশেষ ৰাজনৈতিক দলৰ নেতাৰ ক্ষেত্ৰত প্ৰয়োজ্য নহয় বৰ্ধিত পৌৰ কৰ; আছু নেতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.