thumbnail

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 12:25 PM IST

ETV Bharat / Videos

Self reliance story: কুকুৰা কণী উৎপাদনেৰে স্বাৱলম্বিতাৰ পথ ছবি বুঢ়াগোহাঁইৰ

ডিব্ৰুগড়, 7 নৱেম্বৰ : এহেজাৰ লেয়াৰ কুকুৰা পুহি দৈনিক ৯০০ ৰো অধিক কণী বিক্ৰী কৰে মহিলা গৰাকীয়ে । যিটো সময়ত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰি হতাশাত দিন অতিবাহিত কৰিছে, সেই সময়তে ডিব্ৰুগড়ৰ জিলা লেঙেৰীৰ আঘোণীবাৰীৰ এগৰাকী মহিলাই ঘৰতে কুকুৰাৰ কণী উৎপাদন কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে । আগবঢ়াইছো ডিব্ৰুগড়ৰ আঘোণীবাৰীৰ ছবি বুঢ়াগোহাঁইৰ কাহিনীলৈ ৷

ছবি বুঢ়াগোহাঁই নামৰ মহিলাগৰাকীয়ে চৰকাৰী আঁ‌চনিৰ পিচত নালাগি নিজাকৈ এখন বিজ্ঞান সন্মতভাৱে লেয়াৰ কুকুৰাৰ ফাৰ্ম খুলি কণীৰ উৎপাদন কৰি লাভৱান হৈছে । মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, তেওঁ বেংকৰ পৰা ঋণ লৈ প্ৰায় ৭ মাহৰ পূৰ্বে আৰম্ভ কৰিছিল এই ফাৰ্মখন । ফাৰ্মত বৰ্তমানে ১০০০‌ কুকুৰাই দৈনিক ৯০০ ৰ পৰা ৯৫০ টা কণী উৎপাদন কৰি আছে । এই কণী মহিলাগৰাকীয়ে ওচৰৰ দোকানতে বিক্ৰী কৰি পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিয়াইছে । মহিলাগৰাকীক এই ক্ষেত্ৰত সহায় কৰে তেওঁৰ স্বামীয়ে । কুকুৰাৰ কণী উৎপাদন কৰি এতিয়া ডিব্ৰুগড়ৰ লেঙেৰী অঞ্চলৰ বহুতৰে বাবে আদৰ্শ হৈ পৰিছে ছবি বুঢ়াগোহাঁই ৷

লগতে পঢ়ক : Self Reliance through Farming:খেতিৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি তিনিগৰাকী মহিলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.