জামুগুৰিহাটত ছাত্ৰীসকলক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ - Self defence training in Jamugurihat HS School

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 21, 2022, 4:21 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

অসম চৰকাৰে ইতিমধ্যে শিক্ষানুষ্ঠানসমূহত আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদানৰ বিশেষ ব্যৱস্থা কৰিছে (Self defence training in School) । তাৰ অংশস্বৰূপে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে জামুগুৰিহাটৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ১৫০ গৰাকী ছাত্ৰীক আত্মৰক্ষাৰ প্ৰাথমিক প্ৰশিক্ষণ প্ৰদান কৰে (Self defence training in Jamugurihat HS School)। জিলাখনৰ জামুগুৰিহাটৰ অন্তৰ্গত কুসুমটোলাস্থিত দ্বাদশ অসম আৰক্ষীৰ বাহিনীৰ তৰফৰ পৰা অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হয় । বিশেষকৈ ছাত্ৰীসকলে বিভিন্ন পৰিস্থিতিত কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰিব তাৰ কৌশলসমূহ শিকোৱা হয় । ইফালে আগন্তুক দিনতো এনেধৰণৰ আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি প্ৰশাসনে ঘোষণা কৰে । প্ৰায় ১ ঘন্টা ধৰি ছাত্ৰীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হয় । ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ লগতে দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক সহ প্ৰশিক্ষণ প্ৰদান কৰা জোৱানসকলক ধন্যবাদ জ্ঞাপন কৰে ।
Last Updated : Feb 3, 2023, 8:28 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.