thumbnail

Jail viral video: কয়দীৰ সৈতে তাচ খেলত মছগুল কাৰাগাৰৰ ভাৰপ্ৰাপ্ত প্ৰধান প্ৰহৰী

By

Published : Apr 9, 2023, 6:24 PM IST

নলবাৰী, 9 এপ্ৰিল: কালৰো কাল, বিপৰীত কাল ! হৰিণাই চেলেকে বাঘৰ গাল ৷ এই আপ্তবাক্যশাৰী যেন প্ৰমাণ কৰি দেখুৱালে নলবাৰী কাৰাগাৰৰ এটা ভিডিঅ’ই (Nalbari jail viral video) ৷ নলবাৰী কাৰাগাৰৰ ভিতৰত প্ৰকৃততে চলিছে কি ? কাৰাৰুদ্ধ হৈ থকা কয়দীৰ সৈতে কাৰাগাৰৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীৰ কিহৰ মিতিৰালি ? নলবাৰী কাৰাগাৰৰ ভিতৰৰ এটা ভিডিঅ’ই আপোনাৰো চকু কঁপালত উঠিব ৷ কাৰাগাৰৰ ভিতৰতেই আৰক্ষী আৰু কয়দীৰ মাজত চলিছে ইখনৰ পিচত সিখন তাচ খেল (Security and prisoners playing card) ৷ 

নিজ কৰ্তব্যত গাফিলতি কৰি খাকী পোছাক পৰিধান কৰিয়েই কয়দীৰ সৈতে তাচ খেলত মগ্ন হৈছে আৰক্ষী (Viral video of playing card inside jail)। খাকী পোছাক পৰিধান কৰা আৰক্ষীগৰাকী নলবাৰী জিলা কাৰাগাৰৰ ভাৰপ্ৰাপ্ত প্ৰধান প্ৰহৰী ৰজনী বৰ্মন বুলি জানিব পৰা গৈছে । এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে কাৰাগাৰৰ ভিতৰত চলি থকা প্ৰকৃত ছবিখন পোহৰলৈ আহিছে ৷ জেইল কৰ্তৃপক্ষই অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক: Fake Currency Seized: বশিষ্ঠ আৰক্ষীৰ জালত নকল টকাসহ সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.