Scooty distribution in Golaghat: গোলাঘাটত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান - গোলাঘাটত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান
🎬 Watch Now: Feature Video

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত গোলাঘাট জিলাৰ ১,১৯৭ গৰাকী মেধা ছাত্ৰ-ছাত্ৰীলৈ বুধবাৰে প্ৰদান কৰা হয় ডঃ বাণীকান্ত কাকতি মেধা বঁটা(Dr Banikanta Kakati Merit Award) । অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত(Minister Keshab Mahanta in Golaghat)। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰীক বুধবাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ(Pragyan Bharati Scooty Scheme) অধীনত স্কুটী প্ৰদান কৰা হয়(Scooty distribution in Golaghat) । আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত ড০ পি উদয় প্ৰবীণ, বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰা আদিৰ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকল ।
Last Updated : Feb 3, 2023, 8:35 PM IST