Conjunctivitis in Assam: কনজাংকটিভাইটিছৰ পৰা পৰিত্ৰাণ পাবলৈ সতৰ্ক হোৱাৰ আহ্বান - মাজুলী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক
🎬 Watch Now: Feature Video
মাজুলী, ১৮ আগষ্ট: ৰাজ্যত অব্যাহত কনজাংকটিভাইটিছৰ প্ৰকোপ । নিতৌ নতুন নতুন লোক এই ফ্লু বা কনজাংকটিভাইটিছত আক্ৰান্ত হৈছে । আন জিলাৰ লগতে সত্ৰ নগৰী মাজুলীতো অব্যাহত আছে কনজাংকটিভাইটিছ । আই ফ্লু সম্পৰ্কে মাজুলী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন্দ্ৰ চন্দ্ৰ বৰগোঁহাইয়ে আগবঢ়াইছে প্ৰতিক্ৰিয়া ।
সঞ্চালকগৰাকীয়ে কয় মাজুলীৰ প্ৰায়ভাগ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ফ্লু বা কনজাংকটিভাইটিছত আক্ৰান্ত হৈছে । বৰ্তমানলৈ ফ্লু বা কনজাংকটিভাইটিছত কোনো ৰোগী চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা নাই । তেওঁ কয় যে ফ্লু বা কনজাংকটিভাইটিছ ৰোগ সহজে ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হয় । বানপানী পাছত জলবায়ু পৰিবৰ্তন বাবে এই ৰোগ হয় ।
এই ৰোগত আক্রান্ত স্কুলৰ ল'ৰা-ছোৱালীক বিদ্যালয়লৈ অহাত বাধা দিয়া বুলি মন্তব্য কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে । অৱশ্য়ে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীৰ হাতত কিমান লোক এই ৰোগত আক্ৰান্ত হৈ আহে তাৰ প্ৰকৃত তথ্য এতিয়ালৈকে নাই । এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সকলোকে তেওঁ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।