thumbnail

By

Published : Aug 8, 2022, 3:38 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

School bus accident in Guwahati: গুৱাহাটীত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত, সুৰামত্ত অৱস্থাত চালকক আটক

মহানগৰীৰ গীতানগৰত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হ’ল মাৰীয়া স্কুলৰ বাছ (School bus accident in Guwahati)। সুৰামত্ত অৱস্থাত আছিল স্কুল বাছখনৰ চালক । গীতামন্দিৰৰ সমীপত সংঘটিত হয় পথ দুৰ্ঘটনাটো (Maria public school bus accident)। বাছখনে প্ৰথমে এখন IGNIS বাহনত খুন্দা মৰাৰ পাছতে খুন্দা মাৰে পথৰ দাঁতিত থকা এখন দোকানত । সৌভাগ্যক্ৰমে হতাহত হোৱা নাই বাছখনৰ কোনো ছাত্ৰ-ছাত্ৰীৰ লগতে IGNIS বাহনখনত থকা আৰোহীৰ । কিন্তু দুৰ্ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত হৈছে IGNIS বাহনখন । দুৰ্ঘটনাগ্ৰস্ত স্কুল বাছখনৰ নম্বৰ AS 01 GC 4358 আৰু IGNIS বাহনখনৰ নম্বৰ AS 01 FB 6777 ৷ ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আটক কৰে সুৰামত্ত অৱস্থাত থকা বাছখনৰ চালকক ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.