thumbnail

AHSEC Result 2023: কটনৰ‌ সম্মান ৰাখিলে সায়ন পোদ্দাৰে

By

Published : Jun 6, 2023, 6:07 PM IST

Updated : Jun 6, 2023, 6:26 PM IST

গুৱাহাটী, ৬মে:মঙলবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল (HS exam results 2023) ৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সায়ন পোদ্দাৰে বিজ্ঞান শাখাৰ নৱম স্থান দখল কৰি কটনলৈ গৌৰৱ কঢ়িয়াই আনিছে । সায়ন পোদ্দাৰে ৪৭০ নম্বৰ লাভ কৰি এই সাফল্য়  অৰ্জন কৰিবলৈ সক্ষম হৈছে । সায়নৰ ঘৰ কৰিমগঞ্জত । পিতৃ শ্যামল পোদ্দাৰ আৰু মাতৃ সুজাতা পোদ্দাৰ ।  

সায়নে সাফল্য়ৰ প্ৰসংগত কয় যে তেওঁৰ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাছিল । পঢ়াৰ ক্ষেত্ৰত তেওঁ পাঠ্যক্ৰম বুজি পোৱাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছিল । সায়নৰ ভৱিষ্যতে পদাৰ্থ বিজ্ঞানত অধ্যাপক হোৱাৰ ইচ্ছা (Sayan Poddar secured 9th position in HS Science)।

উল্লেখ্য যে শেহতীয়াকৈ অসমৰ ঐতিহ্যমণ্ডিত কটনৰ পূৰ্বৰ‌ গৰিমা ম্লান পৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে । পূৰ্বতে ১০-১২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান পোৱা কটনে যোৱা কিছু বছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই । এই সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে এতিয়া বহুত ঠাইত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত শিক্ষানুষ্ঠান স্থাপন  হৈছে । যাৰ বাবে বহুতো মেধাবী ছাত্ৰ-ছাত্ৰী কটনত পঢ়িবলৈ নাহে (VC of Cotton University commented on HS Result)। কিন্তু এয়া‌ নহয় যে কটনত মেধাবী ছাত্ৰ-ছাত্ৰী নাই । কটনত এশ শতাংশ ছাত্ৰ -ছাত্ৰী উত্তীৰ্ণ হৈছে । কটনৰ সামগ্ৰিক ফলাফল বহুত ভাল হৈছে ।  

উল্লেখ্য যে কটনৰ পৰা বিজ্ঞান শাখাত মুঠ ২৪৮ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ১৯০ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে । আনহাতে, ৯১ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে ।‌ দ্বিতীয় বিভাগত ৫৭ গৰাকী আৰু তৃতীয় বিভাগত এগৰাকী উত্তীৰ্ণ হৈছে । ইপিনে, কলা‌ শাখাত মুঠ ১২৯ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ১১৫ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে । ইয়াৰে আকৌ ৭৯ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে ।‌ দ্বিতীয় বিভাগত ১২ গৰাকী আৰু তৃতীয় বিভাগত দুগৰাকী উত্তীৰ্ণ হৈছে । 

লগতে পঢ়ক:AHSEC Result 2023 : প্ৰশাসনিক বিষয়া হোৱাৰ সপোন কলা শাখাত শীৰ্ষস্থান প্ৰাপ্ত সংকল্পজিত শইকীয়াৰ

Last Updated : Jun 6, 2023, 6:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.