HS Result 2023: বিজ্ঞান শাখাৰ অষ্টম স্থানত নগাঁৱৰ শতৰূপা বৰকাকতি
🎬 Watch Now: Feature Video
নগাঁও, 6 জুন: সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত উজলিল নগাঁৱৰ শতৰূপা বৰকাকতি (HS Final Result 2023)৷ মেধাবী ছাত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ভিতৰত বিজ্ঞান শাখাত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Get 8th Rank) ৷ সৰ্বমুঠ 471 নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ মেধাবী ছাত্ৰী গৰাকীয়ে ৷ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী শতৰূপা বৰকাকতি (Satarupa Borkakoti) ৷ শতৰূপা বৰকাকতিৰ সফলতাত উৎফুল্লিত অভিভাৱকৰ লগতে বিদ্যলয়খনৰ শিক্ষকসকলো ৷
‘এই সফলতা শিক্ষাগুৰু আৰু মা দেউতাৰ আৰ্শীবাদৰ ফল ৷ মোৰ এগৰাকী ভাল অভিযন্তা হোৱাৰ সপোন ৷ মই বহু অধ্যয়ন কৰিছিলো ৷ পূৰ্বৰে পৰা আশা আছিল স্থান পোৱাৰ ৷’’ ফলাফল লাভ কৰি এই মন্তব্য শতৰূপা বৰকাকতিৰ ৷ মেধাবী শতৰূপা বৰকাকতিৰ সপোন যাতে পূৰণ হয় তাৰ বাবে ETV Bharat Assamৰ তৰফৰ পৰাও জনালো শুভকামনা ৷
লগতে পঢ়ক:HS Results 2023: বিজ্ঞান শাখাত শীৰ্ষ 10 স্থানত কোন কোন ?