সামৰণি পৰিল সৰুপথাৰ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী অনুষ্ঠান - জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-11-2023/640-480-20139308-thumbnail-16x9-drugs.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 29, 2023, 11:24 AM IST
সৰুপথাৰ, 29 নৱেম্বৰ : 1998 চনতে স্থাপন হোৱা সৰুপথাৰ প্ৰেছ ক্লাৱে অতিক্ৰম কৰিলে 25 টাকৈ বসন্ত । ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰামধেনু মুকলি মঞ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। এই তিনিদিনীয়া অনুষ্ঠানত অঞ্চলটোৰ সহস্ৰাধিক ৰাইজক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ ওপৰিও সদৌ অসম ভিত্তিত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
26, 27 আৰু 28 নৱেম্বৰ তাৰিখে তিনিদিনীয়াকৈ আয়োজিত সৰুপথাৰ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ দিনা মুকলি সভাত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ৷ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ৷
লগতে উপস্থিত থাকে দৈনিক জনমভূমি কাকতৰ সম্পাদক সঞ্জীৱ ফুকন, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি বিকাশ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীসহ সৰুপথাৰ প্ৰেছ ক্লাৱৰ সকলো সাংবাদিক ৷ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি "ৰূপালী সৌৰভ" নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷