Sarbananda Sonowal: গুৰুৰ কৃপা থাকিলে নিষ্ঠাৰে সেৱা আগবঢ়াব পাৰি; সৰ্বানন্দ সোণোৱাল - নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-08-2023/640-480-19371285-thumbnail-16x9-ds-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 27, 2023, 8:19 PM IST
বৰপেটা, ২৭ আগষ্ট: কেন্দ্ৰীয় জাহাজ, আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ সমীপৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় । বিয়লি সেৱাশ্ৰমখনত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষ্ণগুৰুৰ পৰম্পৰা অনুসৰি প্ৰথমতে এক নাম জপ কৰে । তাৰ পাছত প্ৰয়াত কৃষ্ণগুৰুৰ সমাধিস্থললৈ গৈ সেৱা জনাই মূল কীৰ্তন ঘৰত উপস্থিত হৈ কীৰ্তন কৰে ।
কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হোৱাৰ সন্দৰ্ভত সোণোৱালে কয় যে পূৰ্বৰ দৰে আজিও তেওঁ গুৰুৰ ঘৰলৈ আহিছে । গুৰুৰ ঘৰলৈ আহিলে মনলৈ প্ৰশান্তি আহে । গুৰুৰ কৃপা থাকিলে মানৱ সমাজলৈ নিষ্ঠাৰে সেৱা আগবঢ়াব পাৰি । গুৰুৱে জীৱন পৰিচালিত কৰে ।
তেওঁ পুনৰ কয় যে গুৰুৱে দেখুৱাই দিয়া বাটেৰে আগবাঢ়িলে সততাৰে জীৱনৰ পথত আগবঢ়াৰ শক্তি আহৰণ কৰিব পাৰি । সোণোৱালে সেৱাশ্ৰমখনৰ বৰ্তমানৰ অৱস্থাৰো বুজ লয় । তাৰবাবে আশ্ৰমখন পৰিচালনাৰ লগত জড়িতসকলৰ লগত আলাপ আলোচনা কৰে ৷ অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷
লগতে পঢ়ক: Health certificate scam: মৰিয়নি নাগাজাঙ্ক স্বাস্থ্য কেন্দ্ৰত প্ৰমাণ পত্ৰৰ বেহা