উত্তৰ-পূবৰ বিকাশ প্ৰধানমন্ত্ৰী মোদীৰ বাবে সম্ভৱ হৈছে: সৰ্বানন্দ সোণোৱাল - Arunachal News
🎬 Watch Now: Feature Video


Published : Dec 26, 2023, 8:30 PM IST
মৰাণ/জোনাই,২৬ ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত অৱস্থিত উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতেই জনগোষ্ঠীয় পৰম্পৰা পনুঙ নৃত্য আৰু ভিন্ন জনগোষ্ঠীয় নৃত্যৰে উদ্যোক্তাসকলে আদৰণি জনাই কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালক ।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ-পূবৰ আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা আৱন্টিত পুঁজিৰ ৫৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চাৰিখন আঁচনিৰ আধাৰশিলা শুভ উদ্বোধন কৰে । উক্ত অনুষ্ঠানটোত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্রেমা খাণ্ডু, মন্ত্ৰী আ'ল লিবাং, লোকসভাৰ সাংসদ তাপীৰ গাঁৱ, পাছিঘাটৰ বিধায়ক কালিঙ ময়ঙ,উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক: অনিশ্চয়তাৰ মাজতে নতুন বছৰৰ আৰম্ভণীৰ পৰা অগপৰ নিৰ্বাচনী প্ৰচাৰ অভিযান
TAGGED:
Arunachal News