thumbnail

বৰপেটাত আৰম্ভ জিলা ভিত্তিত সাংস্কৃতিক মহাসংগ্ৰাম

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 4:21 PM IST

বৰপেটা, 17 জানুৱাৰী : আজিৰে পৰা বৰপেটা জিলা পুথিভৰালত আৰম্ভ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা ৷ জিলা ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে জিলা আয়ুক্ত আয়ুষ গৰ্গে ৷ এই প্ৰতিযোগিতাত জিলাখনৰ চৰাঞ্চলৰ ৮ হাজাৰ  ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱাৰ কথা প্ৰকাশ কৰে জিলা আয়ুক্তগৰাকীয়ে ৷

তিনিদিনীয়াকৈ আয়োজিত জিলা পৰ্যায়ৰ এই অনুষ্ঠানৰ আজি প্ৰথম দিনা শিল্পী দিৱসৰ লগত সংগতি ৰাখি জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উল্লেখযোগ্য যে সাংস্কৃতিক মহাসংগ্ৰামত জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ লগতে বিহু আৰু জনগোষ্ঠীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ জিলা পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত সমষ্টি পৰ্যায়ত বিজয়ী হোৱা 177 গৰাকী প্ৰতিযোগীয়ে আজি প্ৰতিযোগিতাত ভাগ লৈছে ৷

আনহাতে দলীয় নৃত্যত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱাৰ যোগ্যতা আহৰণ কৰা দলৰ সংখ্যা হ'ল 27 টা ৷ সাংস্কৃতিকভাৱে সমৃদ্ধ বৰপেটা জিলাৰ প্ৰতিযোগীয়ে ৰাজ্যিক স্তৰতো নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে জিলা আয়ুক্তই ৷ আজিৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ, সমাজকৰ্মী অনিল কুমাৰ দাসো উপস্থিত থাকে ৷

লগতে পঢ়ক : উখল-মাখল কাৰ্বি যুৱ মহোৎসৱস্থলী, ৰাষ্ট্ৰপতি আগমনক লৈ তৎপৰ প্ৰশাসন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.