Sankaradeva Birth Anniversary: নলবাৰীত গুৰুজনাৰ জন্মোৎসৱ উদযাপন - Sankardeva theatrical performance Ankia Naat
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 5:25 PM IST
নলবাৰী,২৪ ছেপ্টেম্বৰ: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী । নলবাৰীতো বিভিন্ন প্ৰান্তত মহাপুৰুষজনাৰ জন্মোৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে । নলবাৰীৰ বালিকৰিয়া মালিপাৰাত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী ।
আজি দ্বিতীয় দিনৰ দিনা গাঁওখনৰ সহস্ৰাধিক পুৰুষ মহিলাই ভাগৱত লৈ বাহিৰ কৰে এক বিশাল ধৰ্মীয় শোভাযাত্ৰা । সমগ্ৰ বালিকৰিয়াত আজি হৰিনামৰে মুখৰিত হৈ পৰিছে । তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে ভিন্ন অনুষ্ঠান আয়োজন কৰিছে উদ্যোক্তাসকলে । জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাৰ সংগীতানুষ্ঠাৰে উক্ত তিনিদিনীয়া কাৰ্যসূচী সামৰণি পৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।
লগতে পঢ়ক: Assam Police BMI test: BMI পৰীক্ষাৰ ফলাফল ওলাল; ১৭৪৮ গৰাকী আৰক্ষী অনুত্তীৰ্ণ