Sankalp saptaah: চিমেন চাপৰিত পোষণ সংকল্প সপ্তাহ পালন - ধেমাজি জিলা সমাজ কল্যাণ বিষয়া প্ৰীতিৰেখা গগৈ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 9:29 AM IST

জোনাই, 5 অক্টোবৰ : যোৱা ৩ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈকে পালন কৰা হৈছে সংকল্প সপ্তাহ ৷ সংকল্প সপ্তাহৰ দ্বিতীয় দিনা জোনাইত দেখা গ’ল ৰাইজৰ ব্যাপক উছাহ । চিমেন চাপৰি বিহুতলীত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ বুধবাৰে পুৱা ১০ বজাত উদ্বোধন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে ।

ধেমাজি জিলা সমাজ কল্যাণ বিষয়া প্ৰীতিৰেখা গগৈয়ে সভাপতিত্ব কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মূৰ্কংচেলেক শিশু উন্নয়ন প্ৰকল্প বিষয়া ড৹ পৰিস্মিতা শইকীয়াই ।কাৰ্য্যসূচীত উপস্থিত থাকি জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ চন্দ্ৰকান্ত মিলিয়ে শিশু আৰু মহিলাৰ স্বাস্থ্যসন্মত দিশৰ ওপৰত বক্তব্য দাঙি ধৰি পৰিপুষ্টি আহাৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । অনুষ্ঠানত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞা ড৹ পাপৰি বৰাই শিশু স্বাস্থ্য আৰু মহিলা সবলীকৰণৰ বিষয়ত তত্ত্বগধুৰ বক্তব্য দাঙি ধৰে ।

জিলা নাৰী সবলীকৰণৰ সমন্বয়ক কৃতাঞ্জলী গগৈয়ে নাৰী সবলীকৰণৰ ওপৰত বক্তব্য ৰাখি এগৰাকী নাৰী সকলো দিশত আগুৱাই যাবলৈ হ’লে নাৰীসকলৰ আনুসংগিক দিশসমূহ শক্তিশালী হোৱা দৰকাৰ বুলি উল্লেখ কৰি এইক্ষেত্ৰত সচেতন নাৰী সমাজে সজাগতা বৃদ্ধিৰ জৰিয়তে নাৰী সমাজক সবলীকৰণৰ দিশত আগুৱাই লৈ যাব লাগিব বুলি কয় । মাছখোৱা আৰু চিচিবৰগাঁৱৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মণিষা দত্ত, জিলা নাৰী সবলীকৰণৰ সমন্বয়ক ঋতুৰাজ পেগু, সুধিত্তা বুঢ়াগোহাঁই, মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ খণ্ড সমন্বয়ক গণেশ কুটুম, চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰ, মূৰ্কংচেলেক, চিচিবৰগাঁও, মাছখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অংগনবাড়ী কেন্দ্ৰসমূহৰ পৰ্য্যবেক্ষিকা,খণ্ড সমন্বয়ক, সেৱিকা লখিমী শইকীয়া, পদ্মাৱতী চুতীয়া আৰু বহু সংখ্যক লোক উপস্থিত থকা সভাৰ শলাগৰ শৰাই আগবঢ়ায় অংগনবাড়ী কেন্দ্ৰৰ পৰ্য্যবেক্ষিকা বিমলা বসুমতাৰীয়ে । এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা পোষণ মেলা আৰু অন্নপ্ৰাসন কাৰ্যসূচী পৰিদৰ্শন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে ।

লগতে পঢ়ক : Poshan Mela 2023: ধেমাজিৰ কাৰিচুকত পোষণ মেলা উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.