Sangeet Natak Amrit Award: বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজালৈ সংগীত নাটক অকাডেমী অমৃত বঁটা
দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি এইবাৰ প্ৰদান কৰা হৈছে সংগীত নাটক অকাডেমী অমৃত বঁটা (Sangeet Natak Amrit Award)৷ এই সংগীত নাটক অকাডেমী অমৃত বঁটাৰ বাবে নিৰ্বাচিত হৈছে বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজা (Sangeet Natak Amrit Award to Guru prasad Ojah) ৷ বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজা সৰুৰেপৰাই বৰপেটা সত্ৰৰ সেৱায়িত কাৰ্যৰ সৈতে জড়িত হৈ আহিছে ৷ সত্ৰনগৰী বৰপেটাৰ দুগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক দেশৰ সন্মানজনক সংগীত নাটক অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে আনন্দিত কৰি তুলিছে বৰপেটাবাসীক ৷
Last Updated : Feb 3, 2023, 8:33 PM IST