Viper Rescued: কলিয়াবৰত চালাজাৰ পিট ভাইপাৰ উদ্ধাৰ - Snake Rescued at Kaliabor

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 5, 2023, 3:33 PM IST

কলিয়াবৰ, 5 জুলাই : চালাজাৰ পিট ভাইপাৰৰ নাম শুনিছেনে ? দেখাত অতি আকৰ্ষণীয় হালধীয়া বৰণৰ চালাজাৰ পিট ভাইপাৰ উদ্ধাৰ কৰা হৈছে অসমৰ কলিয়াবৰত ৷ মঙলবাৰে শিলঘাটৰ সৰ্পবন্ধু ৰূপে খ্যাত সঞ্জীৱ ডেকাই কলিয়াবৰ চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰিছে এই দুষ্প্ৰাপ‍্য সাপবিধ । সাধাৰণতে অসমত দেখা নোপোৱা হালধীয়া বৰণৰ এই বিষাক্ত সাপৰ প্ৰজাতিটো অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। সৰ্পবন্ধু সঞ্জীৱ ডেকাই এই দুস্প্ৰাপ্য সাপটো উদ্ধাৰ কৰি পুনৰ মুকলি কৰি দিয়ে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত।

ডেকাই কোৱা অনুসৰি এই সাপবিধ অতিকৈ বিষাক্ত ৷ সাধাৰণতে চাহ বাগিচাসমূহত এইবিধ সাপ বেছিকৈ দেখা যায় ৷ সাপক মৰাটো উচিত নহয় ৷ সাপৰ দ্বাৰাই পৃথিৱীত ভাৰসাম্য বৰ্তি থাকে বুলি কৈ সৰ্পবন্ধুগৰাকীয়ে ৰাইজক সাপ হত্যা নকৰিবলৈ আহ্বান জনায় ৷ 

লগতে পঢ়ক: Deforestation in Dispur: পাৰ্ক নিৰ্মাণৰ নামত খোদ দিছপুৰতে বৃক্ষ ধ্বংস কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.