thumbnail

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:57 PM IST

ETV Bharat / Videos

7th Annual Foundation Day of SYCP: ড° কৰৱী ডেকা হাজৰিকালৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য বঁটা

শিৱসাগৰ,২৫ আগষ্ট: শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন । শিৱসাগৰ নগৰৰ মাজমজিয়া যুৱ দল প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান । পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণেৰে আৰম্ভ কৰা অনুষ্ঠানটিত অনুষ্ঠিত কৰা হয় জিলা ভিত্তিক চিত্ৰাংকণ প্ৰতিযোগিতা ।  

লগতে দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানটোতে 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য বঁটা' বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন অধ্যাপক ড° কৰৱী ডেকা হাজৰিকালৈ আগবঢ়োৱা হয় । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় ।  

অনুষ্ঠানটিত শিৱসাগৰ বিভিন্ন সামাজিক কামত জড়িত বহু কেইজন লোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত আটাছুৰ ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈ, আহোম গণ মঞ্চৰ মহেন্দ্ৰ দিহিঙীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ন গগৈ, অনুসূচীত ছাত্র সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ লগতে শিৱসাগৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়-ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Training programme: মুছলপুৰত মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত পুষ্টিহীনতাৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.