HSLC exam results 2023: অষ্টম স্থান দখল কৰি গোৱালপাৰালৈ গৌৰৱ কঢ়িয়ালে সাহিল ছিদ্দিকে - HSLC exam results 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 22, 2023, 9:21 PM IST

গোৱালপাৰা, ২২ মে': আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC exam results 2023) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান লাভেৰে গোৱালপাৰালৈ সুনাম কঢ়িয়াই আনিলে সাহিল ছিদ্দিকে (Sahil Siddiq got 10th position in HSLC) । গোৱালপাৰা জিলাৰ অজগৰ ভেলী একাডেমীৰ ছাত্ৰ আছিল সাহিল ছিদ্দিক । সৰ্বমুঠ ৫৮৭ নম্বৰৰে অষ্টম স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল ।  

গোৱালপাৰা জিলাৰ বলদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গোবিন্দপুৰচালাৰ নিবাসী শিক্ষক দম্পতী আবু বাক্কাৰ ছিদ্দিক আৰু মাতৃ চহিদা খাতুনৰ মেধাৱী সন্তান সাহিল ছিদ্দিকে আগিয়া অজগৰ ভেলী একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল (HSLC toppers) । ফলাফল ঘোষণাৰ পিছতে আগিয়া অজগৰ ভেলী একাডেমীৰ বাকৰিত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় । 

লগতে পঢ়ক: HSLC results 2023: মেট্ৰিকত শীৰ্ষস্থান প্ৰাপ্ত হৃদম ঠাকুৰীয়াৰ শিক্ষাৰ দায়িত্ব ল’লে মন্ত্ৰী অশোক সিংহলে

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.