Safai Karmi Protest: চাফাই কৰ্মীৰ আমৰণ অনশন কাৰ্যসূচীৰ পঞ্চম দিন, অনশনস্থলীত সংজ্ঞাহীন চাফাই কৰ্মী - সদৌ অসম ক’ভিড 19 চাফাই কৰ্মী সন্থা
🎬 Watch Now: Feature Video


Published : Sep 15, 2023, 4:42 PM IST
গুৱাহাটী, 15 ছেপ্টেম্বৰ : মহানগৰীৰ চচলত যোৱা 11 ছেপ্টেম্বৰৰ পৰা 5 দিন ধৰি অনাহাৰে আমৰণ অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে চাফাই কৰ্মীসকলে ৷ গীতা-ভাগৱত পাঠেৰে PPE KIT পিন্ধি চাফাই কৰ্মীৰ আমৰণ অনশন কাৰ্যসূচীৰ পঞ্চম দিনা দুপৰীয়া ভাগত হঠাৎ সংজ্ঞাহীন হৈ পৰে এগৰাকী প্ৰতিবাদকাৰী চাফাই কৰ্মী ৷ চাফাই কৰ্মীগৰাকী কৰুণা কান্ত পাঠক বুলি জানিব পৰা গৈছে ৷
ইয়াৰ পিচতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত লগে লগে তেওঁক 108 এম্বুলেন্স সেৱাযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ মাজতে শুকুৰবাৰে অনশন কাৰ্যসূচীত উপস্থিত হৈ চাফাই কৰ্মীসকলৰ পৰিস্থিতিৰ বুজ লয় সৰভোগ সমষ্টিৰ CPIM ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। ইফালে পঞ্চম দিনাও চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা কোনো প্ৰতিনিধি সেই স্থানত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।
লক্ষ্যণীয় যে, কৰ’ণা কালীন সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক'ভিড হাস্পতালসমূহত চাফাই কৰ্মী হিচাপে নিয়োজিত হৈ থকা কৰ্মচাৰী সকলে চৰকাৰে বঞ্চনাৰ কৰা বুলি সৰৱ হৈ পৰিছে সদৌ অসম ক’ভিড 19 চাফাই কৰ্মী সন্থাই । 1,324 গৰাকী চাফাই কৰ্মীক চৰকাৰী বিভাগত পুনৰ নিযুক্তিৰ দাবী তুলি চচলত অনশন কাৰ্যসূচী হাতত লৈছিল চাফাই কৰ্মীসকলে ৷