NCERT syllabus controversy:ৰূপজ্যোতি কুৰ্মীক 'পাগল' আখ্যা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ - এন চি এ আৰ টি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 5, 2023, 1:53 PM IST

গুৱাহাটী, ৫ এপ্ৰিল: বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক 'পাগল' আখ্যা দিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে । উল্লেখ্য যে এন চি এ আৰ টিয়ে পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰাই দিয়াকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তে মঙলবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আন এক বিতৰ্কিত মন্তব্য কৰিছিল (Rupjyoti Kurmi statement on mughal controversy) । ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুতুবমিনাৰ ভাঙি তাৰ ঠাইত মন্দিৰ নিৰ্মাণৰ পোষকতা কৰিছিল । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্বেৰমান আলীয়ে ৰূপজ্যোতি কুৰ্মীৰ মানসিক ভাৰসাম্যহীনৰ লগতে পাগল আখ্যা দিয়ে ।

বেবেৰিবাং কথাৰে সংবাদ শিৰোনামত থাকিব বিচৰা লোক এজনৰ কথাকলৈ ইমান গুৰুত্ব দি লাভ নাই বুলি তেওঁ সদৰী কৰে । তেওঁ লগতে কয় যে পাগলৰ কথাত ইমান গুৰুত্ব দিয়াটো মৰ্যাদা লাঘৱ কৰাৰ কথা (Rupjyoti Kurmi got trolled for bizarre statement) । তেওঁ মৰিয়নি সমষ্টিৰ ৰাইজক জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ বাবে আহ্বান জনাই কয় যে যাতে কোনেও সমষ্টিৰ ৰাইজক মৰ্যাদা লাঘৱ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব (MLA Sherman Ali react on Rupjyoti Kurmi comment ) । উল্লেখ্য যে এন চি ই আৰ টিয়ে পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰোৱাৰ পাচতে সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Mughal empire NCERT syllabus controversy) ।

লগতে পঢ়ক : Mughal Empire controversy: মোগলক কেতিয়াও অসমীয়া জাতিয়ে ক্ষমা কৰিব নোৱাৰে: অখিল গগৈ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.