ETV Bharat / state

মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান আৰক্ষীৰ; পুনৰ ৮ অভিযুক্তক গ্ৰেপ্তাৰ - Cyber crime

author img

By ETV Bharat Assamese Team

Published : 9 hours ago

Cyber crime: মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৃহৎ অভিযান । অভিযানত এতিয়ালৈ ৮ জন লোকক গ্ৰেপ্তাৰ । অব্যাহত অভিযান । চলিত বৰ্ষত প্ৰায় ২২৫ জন লোকক গ্ৰেপ্তাৰ ৷

Cyber crime
মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান (ETV Bharat)

মৰিগাঁও, ১৯ ছেপ্টেম্বৰ : ৰাজ্যত প্ৰতিদিনে বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে । হাজাৰ হাজাৰ লোক চাইবাৰ অপৰাধীৰ চিকাৰ হৈছে । ফলতস্বৰূপে লাখ লাখ টকাও হেৰুৱাইছে । প্ৰায় প্ৰতিখন থানাতে নিতৌ চাইবাৰ অপৰাধ সম্পৰ্কীয় গোচৰ ৰুজু হৈছে । ইয়াৰ মাজতে মৰিগাঁও জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৃহৎ অভিযান চলিছে । মৰিগাঁও আৰক্ষীৰ অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ ৮ জনকৈ লোক । মৈৰাবাৰী, ধিং, লাহৰীঘাটৰ বিভিন্ন অঞ্চলত নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধৰ সৈতে জড়িত ৮ জন লোকক ।

৮ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান । সম্প্ৰতি অভিযুক্তকেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে বাবুল ইছলাম, হুছেইন জাহাংগীৰ আলী, ৱাকিবুৰ ৰহমান, ফিৰডিছ আলী, জাহানুৰ আলী । ধৃত ৮ জনৰ পৰা আৰক্ষীয়ে মোবাইল, বেংকৰ এটিএম আৰু বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিছে ।

জিলাখনৰ মৈৰাবাৰী, লাহৰীঘাট, মায়ং, ভুৰাগাঁও, মিকিৰভেটা আৰক্ষী থানাৰ লোকে চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰি আহিছে যদিও দৈনিক চাইবাৰ ক্ৰাইম বৃদ্ধি পাইয়ে আছে । চাইবাৰ অপৰাধীকেইটাক সোধা-পোছাৰ অন্তত বহু বিস্ফোৰক তথ্য পোৱা যাব বুলি আৰক্ষীয়ে দাবী কৰিছে ।

চলিত বছৰত ২২০ৰো অধিক লোকক গ্ৰেপ্তাৰ

জানিব পৰা মতে প্ৰায় এবছৰ ধৰি মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) সমীৰণ বৈশ্যৰ নেতৃত্বত জিলাখনৰ মৈৰাবাৰী, লাহৰীঘাট, মায়ং, ভুৰাগাঁও, মিকিৰভেটা আৰক্ষীয়ে বহু চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰি আহিছে যদিও দৈনিক চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি পাইছে । এই ৮ জনৰ লগতে চলিত বৰ্ষত মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত প্ৰায় ২২৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আনহাতে আগন্তুক দিনতো এইদৰে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিছে ।

চাইবাৰ অপৰাধ বৃদ্ধিৰ কাৰণ

নিবনুৱা সমস্যাক চাইবাৰ অপৰাধৰ সংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে দেখা গৈছে । বহু নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ অভাৱত এই ধৰণৰ অপকৰ্মত লিপ্ত হৈছে । পূৰ্বে গ্ৰেপ্তাৰ হোৱা বহু লোক ইতিমধ্যে এনে অপকৰ্মৰ পৰা ওলাই আহিছে যদিও তাৰ মাজতে একাংশই কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ চাইবাৰ অপৰাধত জড়িত হৈ পৰিছে । মৰিগাঁৱত তেনে বহু অভিযুক্ত এতিয়াও পলাতক বুলি আৰক্ষীয়ে জনাইছে ।

লগতে পঢ়ক :তেজেৰে ৰাঙলী প্ৰেমিকা আছে হাস্পতালৰ বিচনাত, ৰঙাঘৰৰ মজিয়াত আশ্ৰয় প্ৰাক্তন প্ৰেমিকৰ - Attempt to murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.