thumbnail

Influence of Christianity in Majuli : সত্ৰাধিকাৰসকলে মাহ-প্ৰসাদ গ্ৰহণ কৰি বহি আছে; ভূপেশ শৰ্মা

By

Published : Oct 27, 2022, 7:44 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

মাজুলীত খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ সন্দৰ্ভত বিতৰ্কিত মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতা ভূপেশ শৰ্মাৰ (RSS leader Bhupesh Sarma in controversy)। সত্ৰাধিকাৰসকলক তীব্ৰ সমালোচনা শৰ্মাৰ । তেওঁৰ মতে সত্ৰাধিকাৰসকলে মাহ-প্ৰসাদ গ্ৰহণ কৰি বহি আছে (RSS leader slams Satradhikar of Majuli)। মিছিং জনজাতীয় লোকসকলৰ মাজত সত্ৰাধিকাৰসকলে যিধৰণে ভাতৃত্ব ভাৱৰ আদান প্ৰদান কৰিব লাগিছিল তেওঁলোকে কৰিব পৰা নোৱাৰাত খ্ৰীষ্টান ধৰ্মৰ প্ৰতি লোকসকল আকৃষ্ট হৈছে । ধৰ্মান্তকৰণ সন্দৰ্ভত তেওঁ কয় যে যদিহে সত্ৰাধিকাৰসকলে বহি নাথাকি সাধাৰণ লোকৰ মাজলৈ যায় তেনেহ'লে ধৰ্মান্তকৰণৰ গতি হ্ৰাস পাব । মেঘালয়, নাগালেণ্ড, মিজোৰাম আদিত খ্ৰীষ্টান মিছনেৰীসকল আহি লোকসকলৰ মাজত বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে । যাৰবাব লোকসকল খ্ৰীষ্ট ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে । একেই পৰিৱেশ মাজুলীতো হোৱা বুলি তেওঁ দাবী কৰে (Influence of Christianity in Majuli)। সত্ৰাধিকাৰসকলে ইমান দিনে যি কৰিব লাগিছিল কৰা নাই । কেৱল সত্ৰত বহি থাকি লেই লেই চেই চেই কৰি থাকিলে মানুহ তেওঁলোকৰ ওচৰলৈ নাহে বুলিও কয় আৰএছএছ নেতাগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.