RPF beats youth: চাপৰমুখখ ৰেল আৰক্ষীৰ বিৰুদ্ধে বিনা কাৰণত যুৱকক প্ৰহাৰৰ অভিযোগ

By

Published : Apr 4, 2023, 10:42 PM IST

thumbnail

ৰহা, 4 এপ্ৰিল: ৰহাৰ চাপৰমুখ ৰে’ল জংচনত বন্ধুৰ বাবে টিকট ক্ৰয় কৰিবলৈ গৈ ৰে’ল আৰক্ষীৰ প্ৰহাৰৰ বলি হ’বলগীয়া হয় এজন যুৱক (RPF beats youth  at Chaparmukh )৷ অভিযোগ অনুসৰি ৰহাৰ চাপৰমুখৰ ৰাহুল ভূঞা নামৰ ২১ বছৰীয়া যুৱকজনে সোমবাৰে বন্ধুৰ বাবে টিকট ক্ৰয় কৰিবলৈ ঘৰৰ সমীপতে থকা চাপৰমুখ ৰে’ল জংচনলৈ গৈছিল ৷ 

কিন্তু টিকট কাটিবলৈ যোৱা ৰাহুলক কোনো কাৰণ নোহোৱাকৈ আটক কৰে চাপৰমুখ আৰ পি এফৰ ভাৰপ্ৰাপ্ত বিষয়া মুকেশ কুমাৰ ৰজকে । পৰৰ্ৱতী সময়ত ৰে’ল আৰক্ষী থানালৈ লৈ যোৱা হয় ৰাহুলক ৷ থানাত সোমোৱায়েই ৰাহুলক নিৰ্মমভাৱে ভৰিৰ তলুৱাত প্ৰহাৰ কৰে ৰে’ল আৰক্ষীয়ে (youth injured)।  

ৰাহুলৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ৰাহুলক ৰে’লৰ টিকট ক্ৰয় কৰি টিকটৰ ক'লা ব্যৱসায় কৰা সন্দেহত সোধা পোছা নকৰাকৈয়ে ৰে’ল আৰক্ষীয়ে আটক কৰিছিল (Suspected of black business of railway tickets)। ৰাহুলে তেওঁৰ বন্ধু হাচেন আহমেদৰ বাবে টিকট কাটিবলৈহে গৈছিল ৷

পৰৱৰ্তী সময়ত ৰাহুলৰ পৰিয়ালৰ লগতে হাচেন আহমেদে ৰে’ল আৰক্ষী থানলৈ গৈ উপযুক্ত প্ৰমাণ দিয়াত ৰাহুলক মুক্তি কৰি দিয়ে । ইপিনে ৰে’ল আৰক্ষীৰ প্ৰহাৰৰ ফলত গুৰুতৰভাৱে আহত হোৱা ৰাহুলক পৰিয়ালৰ লোকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে । বৰ্তমানলৈকে চিকিৎসাধীন হৈ আছে ৰাহুল ভূঞা ।  

লগতে পঢ়ক: Armed robbers at Basistha: বশিষ্ঠত পিষ্টল দেখুৱাই মহিলাক প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ

এগৰাকী নিৰপৰাধী যুৱকক কোনো কাৰণ নোহোৱাকৈ ৰে’ল আৰক্ষীয়ে এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ (Railway police brutally beaten Youth) কৰাৰ ঘটনা সন্দৰ্ভত চাপৰমুখ ৰে’ল আৰক্ষীৰ কাষ চাপিছে ৰাহুলৰ পৰিয়ালে । এই ঘটনা সন্দৰ্ভত উপযুক্ত তদন্তৰ লগতে ন্যায় বিচাৰিছে ৰাহুলৰ পৰিয়ালবৰ্গই । 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.