Robbery incident: পথত ৰখাই থোৱা গাড়ীৰ গ্লাছ ভাঙি লুটিলে ৮০ হাজাৰ টকা - Robbery incident in Assam
🎬 Watch Now: Feature Video
Published : Sep 6, 2023, 5:52 PM IST
মৰিগাঁও, 6 ছেপ্টেম্বৰ : মৰিগাঁৱত দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত হৈছে ৷ বুধবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি লৈ গ'ল 80 হাজাৰ টকাৰ লগতে চেক বুক,পাচবুক লগতে কিছু নথি-পত্ৰ । ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে মৰিগাঁও সদৰ আৰক্ষী থানাৰ পৰা তিনি শ মিটাৰ নিলগত অৱস্থিত ভাৰতীয় ষ্টেট বেংক মৰিগাঁও শাখাৰ সন্মুখত দুপৰীয়া প্ৰায় 12 মান বজাত সংঘটিত হয় এই ঘটনা।
জানিব পৰা মতে বুধবাৰে মৰিগাঁও ষ্টেট বেংকৰ পৰা ছাটনগুৰিৰ নিবাসী জুলেন দাসে 80 হাজাৰ টকা উলিয়াই আনি গাড়ীত টকাখিনি আৰু চেক বুকখন থৈ প্ৰায় 5 মিনিটৰ বাবে আপেল কিনিবলৈ যাওঁতেই কোনো দুৰ্বৃত্তই লোকজনৰ গাড়ী গ্লাছ ভাগি লৈ যায় 80 হাজাৰ টকা ৷ লগে লগে ভুক্তভোগীজনে ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীক অৱগত কৰিছে ৷ সম্প্ৰতি মৰিগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱাৰ সময়লৈ কোনো সন্ধান উলিয়াব পৰা নাই দুৰ্বৃত্তৰ ৷
লগতে পঢ়ক: Brutally beat up incident: এখন ঠেলাক কেন্দ্ৰ কৰি এটা পৰিয়ালক নিৰ্মমভাৱে প্ৰহাৰ