thumbnail

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ লুট-পাত

By

Published : Oct 3, 2022, 8:17 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

বিলাসীপাৰাত ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় । বিলাসীপাৰাৰ আনন্দ নগৰত দেওবাৰে পুৱতি নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰাকিবুল খান নামৰ এজন লোকৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় (Robbery incident at Bilasipara ) ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে নগদ প্ৰায় 4.50 লাখ টকাৰ সোণ-ৰূপৰ আ-অলংকাৰসহ অন্যান্য সামগ্ৰী লুটি লৈ যায় ৷ চোৰে ঘৰৰ লোৰ দৰ্জা ৰ’ডেৰে ভাঙি প্ৰৱেশ কৰিছিল (Theft in Bilashipara) ৷ আনকি ঘৰৰ শ্ব’কেছ আলমিৰা, ঘৰৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰি থৈ যায় চোৰে ৷ ঘটনাস্থলীত বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Bilashipara theft news) ৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.