Road traders protest in Sachal: জি এম চিৰ উচ্ছেদ, ন্যায় বিচাৰি ক্ষুব্ধ পথ ব্যৱসায়ীৰ চচলত প্ৰতিবাদ - চচলত পথ ব্যৱসায়ী সন্থাৰ উত্তাল প্ৰতিবাদ
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ চচলত পথ ব্যৱসায়ী সন্থাৰ উত্তাল প্ৰতিবাদ (Road traders protest in Sachal) ৷ জি-২০ সন্মিলন আৰু স্মাৰ্ট চিটি নিৰ্মাণৰ গইনা লৈ পৌৰ নিগম কৰ্তৃপক্ষই কোনো আগতীয়া জাননী নিদিয়াকৈ আৰম্ভ কৰা উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটীৰ চচলত পথ ব্যৱসায়ীসকলে আজি ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।
পথ ব্যৱসায়ী সন্থা, অসমৰ উদ্যোগত চচলত আজি দিনৰ ১২ বজাৰ পৰা ২ বজালৈ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় ডেৰ শতাধিক প্ৰতিবাদকাৰীয়ে (Protest against GMC eviction in Sachal) ৷ স্মাৰ্ট চিটি প্ৰকল্পৰ বাবে পথ ব্যৱসায়ীসকলক উচ্ছেদ কৰা বন্ধ কৰক, তিনি মাহৰ ভিতৰত পথ ব্যৱসায়ীসকলক জৰীপ পঞ্জীয়ন কৰি ভেণ্ডিং জ'নৰ ব্যৱস্থা কৰক, আমাক জীয়াই থাকিবলৈ দিয়ক, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি পথ ব্যৱসায়ী সন্থা, অসমৰ উপদেষ্টা নৰেন্দ্ৰ ৰাজবংশী, সভাপতি চন্দন গোস্বামী আৰু সাধাৰণ সম্পাদক দেৱজিৎ সেনাপতিয়ে কয় যে, স্মাৰ্ট চিটি প্ৰকল্পৰ নামত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই কোনো আগতীয়া জাননী নিদিয়াকৈ গুৱাহাটীৰ উন্নয়ন তথা সৌন্দৰ্য বৰ্ধনৰ নামত আৰম্ভ কৰা অমানৱীয় উচ্ছেদৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায় ২৫-৩০ হাজাৰ পথ ব্যৱসায়ী যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ।
তেওঁলোকে লগতে কয় যে, গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ (Street vendor livelihood and protection Act 2014) অৱমাননা কৰি পৌৰ নিগম কৰ্তৃপক্ষই পথ ব্যৱসায়ীসকলক উচ্ছেদ চলোৱাটো দুৰ্ভাগ্যজনক কথা । অথচ পৌৰ নিগমে উচ্ছেদ কৰাৰ পূৰ্বে ৩০ দিন আগতেই জাননী দিব লাগিছিল পথ ব্যৱসায়ীসকলক ৷ কিন্তু কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈয়ে এনেদৰে কৰা উচ্ছেদৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পথ ব্যৱসায়ীসকলৰ মাজত ।
তেওঁলোকে লগতে কয় যে, চৰকাৰৰ টাউন ভেণ্ডিং কমিটিত পথ ব্যৱসায় সন্থা অংশীদাৰ হৈ আছে । এই সমিতিত ৮ জন সদস্য জড়িত হৈ আছে, তেনেস্থলত উচ্ছেদ কৰাৰ পূৰ্বে পথ ব্যৱসায়ীসকলক ভেণ্ডিং জ’ন দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰয়োজন আছিল চৰকাৰৰ (Road Traders Association protest in Sachal)।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাৰ তৰফৰ পৰা পথ ব্যৱসায়ীসকলক উচ্ছেদ কৰা বন্ধ কৰা, টাউন ভেণ্ডিং সমিতিৰ বৈঠক সময়মতে অনুষ্ঠিত কৰা, পথ ব্যৱসায়ীসকলক জৰীপ কৰি পঞ্জীয়ন কৰা আৰু কৰ্তৃপক্ষৰ তৰফৰ পৰা পৰিচয় পত্ৰ আৰু অনুজ্ঞা পত্ৰ প্ৰদান কৰা, গুৱাহাটী মহানগৰীৰ প্ৰতিখন ব্যৱসায়ীক স্থানক সামৰি অতি কমেও ৫০ খন সুকীয়া বজাৰ আৰু মহিলাৰ বাবে ২ খন বজাৰৰ ব্যৱস্থা কৰা আদিকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী, নগৰ উন্নয়ন তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: Paper Mill Scrap Auction: কাগজ কলৰ অস্থাৱৰ সম্পত্তিৰ নিলামত কেলেংকাৰী, এন এছ ইউ আইৰ প্ৰতিবাদ