Road safety mission: মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে বৰপেটাৰোডত আৰক্ষীৰ অভিযান - Road safety
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17305388-thumbnail-3x2-bgbgjbh.jpg)
মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী (Drink and drive case) ৷ মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া বৰপেটাৰোডৰ শিমলাগুৰীত পৰিবহন বিভাগ আৰু বৰপেটাৰোড আৰক্ষীয়ে যৌথভাৱে অভিযান চলায় (road safety mission by police) ৷ অভিযানকালত বাইক,সৰু-বৰ চাৰিচকীয়া বাহন, বাছ, ট্ৰাক, ডাম্পাৰ সহ বনভোজৰ গাড়ীৰ তালাচী চলোৱা হয় ৷ চালকক বাহনৰ পৰা নমাই চালকজনে মদ্যপান কৰি গাড়ী চলাইছে নেকি সেয়া পৰীক্ষা কৰে আৰক্ষীয়ে ৷ তাৰোপৰি কোনোবা গাড়ীৰ যদি কাগজ-পাতি, চালকৰ ড্ৰাইভিং লাইচেঞ্চ নাই অথবা হেলমেট পৰিধান কৰা নাই তেন্তে সেইসকলক জৰিমনা বিহিছে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:37 PM IST