প্ৰকাণ্ড গছ বাগৰি কাজিৰঙা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

By

Published : Jul 3, 2022, 1:28 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail
ৰাজ্যৰ বিভিন্ন নেৰানেপেৰা বৰষুণে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যবাসীক (Heavy rainfall in Assam) ৷ দেওবাৰে পুৱা প্ৰায় 10 বজাত প্ৰকাণ্ড গছ বাগৰি বন্ধ হৈপৰে কাজিৰঙা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ (Road block at Kaziranga) ৷ বৰষুণৰ ফলত মাটি কোমল হৈ পৰাত পাহাৰৰপৰা গছকেইডাল উভালি পৰে জানিবলৈ দিয়ে বন বিষয়াগৰাকীয়ে ৷ এই ঘটনাত কোনো লোক হতাহতি হোৱা নাই ৷ লগে লগে বন বিভাগে সেই স্থানত উপস্থিত হৈ বাগৰি পৰা গছডাল কাটি পথটো মোকলাবলৈ চেষ্টা কৰে ৷ উজনি-নামনি সংযোগী ঘাইপথটো হঠাৎ বন্ধ হৈ পৰাৰ ফলত ভীষণ যান জঁটৰ সৃষ্টি হয় ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.