thumbnail

By

Published : Jul 15, 2023, 11:49 AM IST

ETV Bharat / Videos

Traggic Accident in Sivasagar: শিৱসাগৰত পথ দুৰ্ঘটনাত নিহত এজন

শিৱসাগৰ, 15 জুলাই : শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন ৷ শুকুৰবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত নগৰৰ বিশিষ্ট সমাজকৰ্মী তথা অএনজিচি'ৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰতন শইকীয়াৰ (61) মৃত্যু হয় ৷ শিৱসাগৰৰ যুৱদলৰ পৰা নিজা গৃহ অভিমুখে খোজ কাঢ়ি গৈ থকা অৱস্থাত শুকুৰবাৰে নিশা প্ৰায় 10.30 বজাত দ্ৰুত গতিত অহা এখন স্কুটিয়ে তেখেতক খুন্দা মাৰে ৷ 

মূৰত আঘাত পোৱা শইকীয়াক প্ৰগতি হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে ৷ শিৱসাগৰৰ বৰপুখুৰী পাৰত অৱস্থিত শিৱসাগৰ যুৱ দলত সন্ধিয়া অনুষ্ঠিত হোৱা এক সভাত অংশগ্ৰহণ কৰি নিচেই কাষতে থকা যমুনা ৰোডস্থিত নিজৰ বাসগৃহলৈ ঘূৰি অহাৰ সময়তে তীব্ৰ বেগী স্কুটিয়ে পিছফালৰ পৰা ৰতন শইকীযাক খুন্দিয়ায় ৷

মৃত ৰতন শইকীয়া শিৱসাগৰ দ'ল উন্নয়ন পৰিষদ আৰু শিৱসাগৰ যুৱ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক, দিখৌপৰিয়া সন্মিলিত যুৱ সংঘৰ সভাপতি আছিল ৷ ইফালে স্কুটি চালক শিৱসাগৰ নগৰৰ যমুনা ৰোড নিউ কলনী নিবাসী সাগৰ দেৱনাথ (23) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ সংকটজনক অৱস্থাত সাগৰ দেৱনাথক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় লৈ প্ৰেৰণ কৰা হৈছে ৷ 

লগতে পঢ়ক : Thief injured in police firing: দৰঙত আৰক্ষী গুলীত আহত চোৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.