Road accident: ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনা; তিনিজনক সংকটজনক অৱস্থাত AMCH লৈ প্ৰেৰণ - road accident in Assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 7:42 PM IST

মৰাণ, 3 ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাৰ জকাই চেঁচাত দেওবাৰে বিয়লি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । 52 (B)নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মানকটা পথৰ সংযোগস্থলত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় । 

কানুবাৰী দিশৰ পৰা অহা AS01BS1230 নম্বৰৰ এখন তীব্ৰবেগী এখন ইন'ভা বাহন নিয়ন্ত্ৰণ হেৰুৱাই মানকটা পথেৰে অহা এখন যাত্ৰীবাহী এপে বাহনক মহতিয়াই লৈ যায়। এই শোকাৱহ দুৰ্ঘটনাত তিনিগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় । লগে লগে স্থানীয় লোকে আহত যাত্ৰীকেইজনক জৰুৰীকালীনভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ 

তেওঁলোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত বৰবৰুৱা আৰক্ষী উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে । এই দুৰ্ঘটনাত যাত্ৰীবাহী এপে বাহনখন যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় ৷

লগতে পঢ়ক: Murder in Nalbari: ঘগ্ৰাপাৰত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.