Road Mishap: 39 নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বলেৰ’ বাহনে - 5 গৰাকী যাত্ৰীয়ে গুৰুতৰভাৱে আঘাতপ্রাপ্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-08-2023/640-480-19355554-thumbnail-16x9-accident.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 25, 2023, 4:31 PM IST
সৰুপথাৰ, 25 আগষ্ট : গোলাঘাট জিলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপানী মন্দিৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। শুকুৰবাৰে পুৱাই নাগালেণ্ড অভিমুখী তীব্ৰ বেগী বলেৰ’ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা মৰাত দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাত পতিত হোৱা বলেৰ' খনৰ নম্বৰ হ'ল NL 01P 4753 ।
জানিব পৰা অনুসৰি বলেৰ’ খনত তিনিগৰাকী মহিলা আৰু দুজন পুৰুষ যাত্ৰী আছিল । এই দুৰ্ঘটনাটোত কোনোলোকৰ মৃত্যু হোৱা নাই যদিও 5 গৰাকী যাত্ৰীয়ে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে । লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ বলেৰ’খনৰ পৰা আহত লোককেইজনক উদ্ধাৰ কৰে ৷
ইয়াৰ পিচতে ততালিকে আঘাতপ্ৰাপ্তসকলক বোকাজান চিকিৎসালয়লৈ প্রেৰণ কৰা হয় ৷ স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷
লগতে পঢ়ক: Road accident in Guwahati: মহানগৰীৰ জ্যোতিকুছিত নিশা পথ দুৰ্ঘটনাত শিশুসহ আহত ৫