চামগুৰিত স্কুটীৰ খুন্দাত নিহত এজন - Mowamari Police
🎬 Watch Now: Feature Video


Published : Dec 12, 2023, 7:04 AM IST
|Updated : Dec 12, 2023, 1:40 PM IST
চামগুৰি, 12 ডিচেম্বৰ : সোমবাৰে চামগুৰিৰ মোৱামাৰীত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন স্কুটিয়ে মহতিয়াই লৈ যায় এজন ব্যক্তিক ৷ ফলত নিহত হয় জামালউদ্দীন নামৰ লোকজন ৷ দুৰ্ঘটনা সংঘটিত কৰা স্কুটীখনৰ নম্বৰ হৈছে AS 02 AM 2177 ৷
ঘটনা অনুসৰি, জামালউদ্দীন নামৰ লোকজনে নিজৰ ঘৰৰ সন্মুখৰ পথত ৰৈ আছিল ৷ তেনে সময়তে তীব্ৰবেগেৰে আহি স্কুটীয়ে খুন্দা মাৰে পথৰ দাঁতিত ৰৈ থকা জামালক ৷ স্কুটীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় জামাল ৷ ইফালে আহত জামালক ততাতৈয়াকৈ চামগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হৈছিল ৷ কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক আকোঁৱালি ল’লে জামালে ৷ ইফালে স্কুটীখন এটি কিশোৰে চলাইছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে স্কুটী চালক কিশোৰটিক আটক কৰিছে মোৱামাৰী আৰক্ষীয়ে ৷
লগতে পঢ়ক : নেলীৰ কথাৰ বিৰুদ্ধে কোনে কৰিছে ষড়যন্ত্ৰ ? কি ক’লে পৰিচালক পাৰ্থজিৎ বৰুৱাই