thumbnail

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 3:38 PM IST

ETV Bharat / Videos

Road Mishap : চিটী বাছে মহতিয়ালে দুচকীয়া বাহনসহ চালকক

গুৱাহাটী, 24 আগষ্ট: মহানগৰীত পুনৰ চিটী বাছৰ দৌৰাত্ম্য ৷ বুধবাৰে সন্ধিয়া খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷  চিটি বাছৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী। মৃত বাইক আৰোহীজন ৰাজস্থানৰ ৰাহুল কুমাৰ গুলসা বুলি জানিব পৰা গৈছে ৷  

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া খানাপাৰাৰ দিশৰ পৰা ছয়মাইল অভিমুখে আহি আছিল এখন চিটী বাছ আৰু এখন দুচকীয়া বাহন। তেনে সময়তে খানাপাৰাৰ ফাৰ্ম গেটৰ সন্মুখত চিটী বাছখনে দুচকীয়া বাহনখনক মহতিয়াই লৈ যায়। ফলত থিতাতে নিহত হয় লোকজন ৷ দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ RJ07CS4913 বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে মহানগৰীত চলিত বৰ্ষত চিটী বাছৰ দৌৰাত্ম্যত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ ইমানৰ পিচতো মহানগৰ প্ৰশাসনে নাকী লগাবলৈ সক্ষম হোৱা নাই এইসকল চালকক ৷ 

লগতে পঢ়ক: landslide in Himachals Kullu : ভয়াৱহ ভূমিস্খলনত হিমাচলৰ কুল্লুত খহি পৰিল অট্টালিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.