Road Accident at Kaliabor: তিনিখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ - Kaziranga
🎬 Watch Now: Feature Video
কলিয়াবৰ,3 জুলাই: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী আল্ট্ৰা বাছৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি উজনিমুখী আল্ট্ৰা বাছে আন এখন আল্ট্ৰা বাছ অতিক্ৰমৰ চেষ্টা কৰিছিল ৷ তেনে সময়তে গুৱাহাটী অভিমুখী এখন চুপাৰত খুন্দা মাৰে দুয়োখন আল্ট্ৰা বাছে ৷ ফলত দহজনৰো অধিক যাত্ৰী আহত হয় ৷ আৰক্ষীৰ মতে ‘One wayত আল্ট্ৰা বাছে আনখন আল্ট্ৰা বাছ অভাৰটেক কৰোতে এই ঘটনা হ’ল ৷’
ঘটনাস্থলীত বাগৰিৰ আৰক্ষী উপস্থিত হৈ আহতসকলক জখলাবন্ধাৰ কলিয়াবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কলিয়াবৰৰ বাগৰি তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চনজুৰি পথত সংঘটিত হয় এই ভয়ংকৰ ঘটনা । দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখনৰ নম্বৰ হৈছে এ এছ ০৫ চি ৬৯২৭, এ এছ ০৩ চি ৯৩৩৭ আৰু এ এছ এল চি ৪৬০০।
লগতে পঢ়ক:Gaurav Gogoi: এখন ফটোক লৈয়েই কিয় ভূমিকম্প হৈছে বিজেপিত ? প্ৰশ্ন গৌৰৱ গগৈৰ