Rishi Kapil Memorial Award: চিত্ৰ ভাস্কৰ্য শিল্পী শ্যামকানু বৰালৈ ঋষি কপিল সোঁৱৰণী বঁটা - Nagaon art and craft artist Shyamkanu Bora
🎬 Watch Now: Feature Video
নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদামৰ চলচলি ৰঙিয়া গাঁৱৰ সুৰেন বৰা আৰু ৰীণা বৰাৰ পুত্ৰ, বিশিষ্ট চিত্ৰ আৰু ভাস্কৰ্য শিল্পী শ্যামকানু বৰাক প্ৰদান কৰা হয় চলিত বৰ্ষৰ শিল্পী ঋষি কপিল খাউণ্ড সোঁৱৰণী বঁটা (Rishi Kapil Khaund memorial award) । তেওঁক এই বঁটা প্ৰদান কৰা হয় গুৱাহাটীৰ এক অনুষ্ঠানত । উল্লেখ্য যে শ্যামকানু বৰা সৰুৰে পৰাই শিল্পকৰ্মৰ লগত জড়িত (Nagaon art and craft artist Shyamkanu Bora) । শিল্পকৰ্মৰ এই অনুপ্ৰেৰণা তেওঁ পিতৃৰ পৰাই লাভ কৰিছিল । তেওঁ শিল্পকৰ্মৰ লগত জড়িত হৈ কেৱল নিজ অঞ্চলতেই নহয়, বিভিন্ন ঠাইতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে (Sculptor Shyamkanu Bora) । আনহাতে, শিল্পী শ্যামকানু বৰাৰ চৰকাৰলৈ আহ্বান, শিল্পকৰ্মৰ সৈতে জড়িত ব্যক্তিসকলক চৰকাৰে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব লাগে, যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে । লগতে নৱপ্ৰজন্মই নিজৰ প্ৰচেষ্টাৰে কাম কৰি গ'লে এদিন সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে চিত্ৰ-ভাস্কৰ্য শিল্পী শ্যামকানু বৰাই ।
Last Updated : Feb 3, 2023, 8:33 PM IST