Targeting a particular community: বাল্যবিবাহ বিৰোধী অভিযানত আইন উলংঘাৰ অভিযোগ ৰিপুন বৰাৰ - বাল্যবিবাহ বিৰোধী অভিযান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 7, 2023, 9:28 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

বাক্সা, 7 ফেব্ৰুৱাৰী: ৰাজ্যত চলি থকা বাল্যবিবাহ বিৰোধী অভিযানৰ মাজতে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰাই ৷ মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত এক অনুষ্ঠানত অংশ লৈ তেওঁ অসমত বাল্যবিবাহ প্ৰতিৰোধ আইন 2006 (Child marriage prohibition act) ভংগ হোৱা বুলি অভিযোগ কৰে ৷ তেওঁ কয় যে, 17 বছৰ পূৰ্বে প্ৰণয়ন হোৱা আইনখন চৰকাৰে অসমত নতুনকৈ বলৱৎ কৰিছে ৷ গতিকে চলিত বৰ্ষৰ 2 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ তাকে নকৰি বহু বছৰ পূৰ্বেই বিবাহ কৰি সংসাৰ কৰি থকা লোকসকলক হাৰাশাস্তি দি চৰকাৰে তেওঁলোকৰ সুখৰ সংসাৰত জুই দিছে (Ripun Bora reacts to anti child marriage drive) ৷

ৰিপুন বৰাই উল্লেখ কৰা মতে, চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি এই অভিযান চলাইছে ৷ জনবিস্ফোৰণৰ কাৰক বাল্যবিবাহ নহয় ৷ তেওঁ কয়, ‘‘আমাৰ অসমখন এতিয়াও বহু পিচপৰা আৰু বহু নিৰক্ষৰ লোক অসমত আছে ৷ যিয়ে এই আইনখন সন্দৰ্ভত জ্ঞাত নহয় ৷ গতিকে প্ৰথমে চৰকাৰে আইনখনৰ বাবে সজাগতা সৃষ্টি কৰিব লাগে ৷ গাঁৱে গাঁৱে সজাগতাৰ সৃষ্টি কৰিব লাগিছিল যদিও সেয়া চৰকাৰে কৰা নাই ৷’’ এইক্ষেত্ৰত উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ দাবী কৰিছে ৰিপুন বৰা (Ripun Bora slams Assam govt) ৷

এতিয়া আটক হোৱা কোনো লোকক চৰকাৰে শাস্তি দিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰিব নোৱাৰে ৷ কিয়নো অভিযোগনামা দাখিল কৰিবলৈ হ’লে ছোৱালীগৰাকীয়ে বা তেওঁৰ পৰিয়ালে অভিযোগ তৰিব লাগিব আৰক্ষীক ৷ কিন্তু চৰকাৰে বৰ্তমান গাঁওবুঢ়া আৰু আৰক্ষীয়ে দিয়া তথ্যৰ ভিত্তিত লোকসকলক আটক কৰিছে ৷ অযথা আদালতৰ সময় আৰু ভুক্তভোগীৰ টকা-পইচা খৰচ তথা তেওঁলোকক হাৰাশাস্তি কৰা হৈছে ৷ মুখ্যমন্ত্ৰীয়ে কেৱল চমক সৃষ্টিৰ বাবে এয়া চমক সৃষ্টিৰ বাবে কৰিছে (Operation against underage marriage in Assam) ৷

বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱর্তী অহোপাত এখন দলীয় সভাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই আগবঢ়ায় কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক মন্তব্য (Assam TMC meeting in Baksa)। 2024 ৰ লোকসভা নিৰ্বাচন অকলে খেলিব তৃণমূল কংগ্ৰেছে (TMC to contest Lok Sabha election alone)। আনকি বিজেপিক উৎখাত কৰাৰ কাৰণে ৰাজ্যিক তৃণমূলে কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তক মানি ল’ব বুলিও তেওঁ জানিবলৈ দিয়ে । কংগ্ৰেছ, এ আই ইউ ডি এফ, বি জে পি, এ জি পি, বি পি এফ সকলো বিশ্বাসঘাতকৰ দল বুলি ৰিপুন বৰাই ক্ষুৰধাৰ সমালোচনা কৰে । 

লগতে পঢ়ক: No to Child marriage: কেৱল স্বামীয়েই নহয়, বাল্যবিবাহ আয়োজনৰ ক্ষেত্রত জড়িত সকলো সমানে দোষী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.