Government of dacoits: ২৪ ঘন্টাই কেনেকৈ ডকাইতি কৰিব পাৰি তাকেই চিন্তা কৰি থাকে বিজেপি চৰকাৰে; ৰিপুন বৰা - ডকাইতৰ চৰকাৰ
🎬 Watch Now: Feature Video
গুৱাহাটী, ২ জুন: ‘‘বিজেপি চৰকাৰখন হৈছে ডকাইতৰ চৰকাৰ, লুটৰাজৰ চৰকাৰ ৷ চৰকাৰৰ ২৪ ঘন্টাই চিন্তা হৈছে কেনেকৈ লুটৰাজ কৰিব পাৰোঁ, কেনেকৈ ডকাইতি কৰিব পাৰোঁ ৷’’ এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ (Ripun Bora slams Assam govt) ।
গুৱাহাটী মাটিৰ মূল্য চৰকাৰে বৃদ্ধি কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে । তেওঁ কয় যে, চৰকাৰে ২৪ ঘন্টাই চিন্তা কৰি থাকে কেনেকৈ লুটৰাজ কৰিব পাৰে, কেনেকৈ ডকাইতি কৰিব পাৰে । মাটিৰ মূল্যই নহয়, মাটিৰ দাম বঢ়াৰ লগে লগে আনুষাংগিক সকলো বস্তুৰ দাম বাঢ়িব । ইয়াত আদানি-আম্বানি নাই, ৰামটাঙোন সাধাৰণ মানুহৰ ওপৰত পৰিছে (Ripun Bora calls BJP govt dacoit)।
নিৰ্বাচনৰ সময়ত ভূমি পট্টা দিম বুলি প্ৰতিশ্ৰুতি দিয়ে । কিন্তু ভূমি পট্টা নিদি ম্যাদী মাটিৰ ২০০ গুণ দাম বৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত মাধমাৰ মাৰিছে । এই ৰামটাঙোনৰ বিৰোধিতা কৰা বুলি কয় ৰিপুন বৰাই । তেওঁ লগতে কয়, ‘‘চৰকাৰে এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে । জনদৰদী চৰকাৰখনে জনদৰদী কাম কাজ কৰিব লাগে (Government of dacoits) ।’’
লগতে পঢ়ক: ASTC employee dismissal: ৭৭১ গৰাকী কৰ্মচাৰীক শীঘ্ৰে পুনঃ মকৰলৰ বাবে চৰকাৰক দাবী ৰিপুন বৰাৰ