thumbnail

By

Published : Aug 2, 2023, 8:45 PM IST

ETV Bharat / Videos

Rhino menace: শিলঘাটত গঁড়ৰ মুক্ত বিচৰণ; শংকিত অঞ্চলবাসী

কলিয়াবৰ, ২ আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰৰে ভটিয়াই অহা এটি গঁড়ে শিলঘাটত মুক্ত বিচৰণ কৰি আছে । বৰ্তমান শিলঘাট ৰবৰবাৰী গাঁৱৰ পিছফালে বিচৰণ কৰি আছে গঁড়টোৱে । গঁড়টোৱে জনাঞ্চলত প্ৰৱেশ কৰি কোনো অঘটন সংঘটিন কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি গঁড়টোৰ বিচৰণস্থলীত পহৰা দিছে বন বিভাগৰ লোকে । গঁড়টোৰ উপস্থিতিক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ইতিমধ‍্যে, গঁড়টোৱে স্থানীয় লোকলৈ হাবিৰ পৰা ওলাই আহি কেইবাবাৰো আক্ৰমণৰ বাবে চোঁচা লৈছে ৷ যাৰবাবে প্ৰাণৰ সংশয়ত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোক । গঁড়টো আৰু স্থানীয় লোকৰ যাতে কোনো হানি-বিঘিনি নঘটে সেই দিশৰ প্ৰতি লক্ষ্য় ৰাখি বন বিভাগৰ লোকক নিৰাপদে গঁড়টো ৰাষ্ট্ৰীয় উদ‍্যানৰ ফালে নিয়াৰ ব‍্যৱস্থা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

কাজিৰঙাৰ অধিকাংশ অঞ্চল বৰ্তমান বানৰ কৱলত থকাত ওখ স্থানৰ সন্ধানত গঁড়টোৱে ব্ৰহ্মপুত্ৰৰে ভটিয়াই আহি শিলঘাট ৰবৰবাৰী গাঁৱৰ পিছফালে বিচৰণ কৰিছে ৷ ইফালে গঁড়টো প্ৰত্যক্ষ কৰিবলৈ অঞ্চলটোত স্থানীয় লোকে ভিৰ কৰিছে ৷ ইয়াৰ মাজতে গঁড়টো পুনৰ কাজিৰঙালৈ ঘূৰাই নিবলৈ বনকৰ্মীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Flood in Kaziranag National Park:বছৰৰ দ্বিতীয়টো বানত জলমগ্ন হ’ল কাজিৰঙা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.