Rhino Dead Body Rescued: মানাহত অৱশেষত প্ৰাণ এৰিলে ৰামুৱে - মানাহ ৰাষ্ট্ৰীয় উদ্যান
🎬 Watch Now: Feature Video
বাক্সা, 29 জানুৱাৰী: মানাহ ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) দেওবাৰে পুৱতি নিশা মৃত্যু হয় এটা গঁড়ৰ ৷ পৰস্পৰৰ মাজত হোৱা যুঁজ-বাগৰত দীৰ্ঘদিন ধৰি গঁড়টো অসুস্থ হৈ আছিল বুলি জানিব পৰা হৈছে ৷ আজি পুৱতি নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ বেঁকী নৈৰ পশ্চিমে থকা নাৰায়ণগুৰি বন শিৱিৰৰ কাষত গঁড়টোৰ মৃতদেহ উদ্ধাৰ হয়(Dead body of Rhino found in Kaziranga) ৷
2000 চনত গঁড়টো আন এটা গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ 2008 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়টো উদ্ধাৰ কৰা হৈছিল ৷ 2014 চনৰ 28 জানুৱাৰীত ৰামু নামৰ গঁড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাছবাৰীলৈ WTI আৰু বনবিভাগৰ সহযোগত স্থানান্তৰ কৰা হৈছিল ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গঁড়টো দীৰ্ঘদিন ধৰি চিকিৎসকৰ নিৰীক্ষণত আছিল ৷
এই আঘাতৰ বাবেই গঁড়টোৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে ৷ গঁড়টোৰ মৃত্যুৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গঁড়টোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে(Rhino Dead Body Rescued ) ৷
লগতে পঢ়ক: Rhino Dead Body Rescued: কলিয়াভোমোৰা দলঙৰ তলত উদ্ধাৰ গঁড়ৰ মৃতদেহ