thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:12 PM IST

ETV Bharat / Videos

যোৰহাটত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজক লৈ ক্ষুব্ধ মন্ত্ৰী জয়ন্ত মল্ল

যোৰহাট, 13 ডিচেম্বৰ : যোৰহাটত চলি থকা পানী যোগান প্ৰকল্পৰ কাম-কাজৰ খতিয়ান ল’বলৈ আহি একপ্ৰকাৰ ক্ষুব্ধ হৈ পৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰুৱাই কয় যে, যোৰহাট জিলাত হৈ থকা নিৰ নিৰ্মল যোজনাৰ অধীনৰ পানী যোগানৰ কাম-কাজ অতি লেহেমীয়া গতিত হৈ আছে ৷ সেয়েহে এই কামৰ খতিয়ান 31 ডিচেম্বৰ আৰু 15 জানুৱাৰীৰ ভিতৰত দিব লাগিব, অন্যথা ঠিকাদাৰী প্ৰতিষ্ঠানে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ লগতে এই কামৰ পৰা অব্যাহতি দিয়া হ'ব বুলি কয় তেওঁ ৷

আনহাতে কেবিনেটৰ সিদ্ধান্ত মৰ্মে যোৰহাট নগৰ পানী যোগান আঁচনিৰ বাবে 100 কোটিৰ পৰিৱৰ্তে 140 কোটি টকা ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে ইয়াৰ DPR সম্পূৰ্ণ হৈছে ৷ এই মাহৰ ভিতৰতে নিবিদাৰ কাম আৰম্ভ হ'ব  বুলিও জনায় মন্ত্ৰী বৰুৱাই ৷

আনহাতে অন্য জিলাৰ তুলনাত যোৰহাটত জলজীৱনৰ কাম লেহেমীয়া গতিত হৈছে ৷ নিৰ নিৰ্মল যোজনা আৰু জলজীৱনৰ কাম জিলাখনত 50 শতাংশ সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে ৷ উল্লেখ্য যে, যোৰহাট জিলাত 2014-15 বৰ্ষতে আৰম্ভ হোৱা নিৰ নিৰ্মল যোজনাৰ কাম আজিকোপতি সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই ঠিকাদাৰী প্ৰতিষ্ঠানটো ৷ এই কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ৷ 

লগতে পঢ়ক : জলসিঞ্চন ব্যৱস্থাৰ পৰা আজিও বঞ্চিত ৰাজ্যৰ চাহ বাগিচাসমূহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.