Foundation stone for road construction: ৰহাত দুটা গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন - Repair and rebuilding of two important roads
🎬 Watch Now: Feature Video
ৰহা,২৪ ফ্ৰেব্ৰুৱাৰী: অৱশেষত মেৰামতি তথা পুনৰ নিৰ্মাণৰ মুখ দেখিছে ৰহাৰ দুটাকৈ অতি গুৰুত্বপূৰ্ণ পথে(Bad condition of road in Raha) । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা পথ দুটাৰ বাবে যমৰ যাতনা ভুগি আহিছে ৰহাকে ধৰি বৃহত্তৰ জাগিয়াল মৌজাৰ জনসাধাৰণ তথা পথাচাৰীসকলে । ইয়াৰে প্ৰথমটো পথ হৈছে ৰহাৰ ডিমৌ চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গুৰুজনাৰ জন্মস্থান বৰদোৱা সংযোগী পথ । যুগ যুগ ধৰি লোকনিৰ্মাণ বিভাগে ৰহা সমষ্টিৰ অন্তৰ্গত মাত্ৰ দুই কিলোমিটাৰৰ পথটো মেৰামতি নকৰাৰ ফলত তেনেই বিধ্বস্ত হৈ পৰা এই পথচোৱাই যাতায়াতত তীব্ৰ সমস্যাৰ সৃষ্টি কৰি আহিছিল(Poor condition of road in Raha) ।
পথটোৰ মাজে মাজে থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতেৰে ভৰা পথটোত এজাক বৰষুণতে একাঠু পানী হয় । গুৰুজনাৰ জন্মস্থান বৰদোৱালৈ যোৱা এই চমু পথটো মেৰামতিৰ দাবীত ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি অহাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত বহুবাৰ সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ । অৱশেষত গুৰুত্বপূৰ্ণ পথছোৱাত হ’ব পুনঃনিৰ্মাণৰ কাম (Foundation stone laid in Raha) । প্ৰায় এক কোটি বিশ লাখ টকাৰে পুনঃনিৰ্মাণ কৰিবলগীয়া দুই কিলোমিটাৰ দৈঘ্যৰ পথছোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক শশীকান্ত দাসে(Foundation stone laid for two important roads at Raha) ।
একেদিনাই বিধায়কগৰাকীয়ে আন এটা গুৰুত্বপূৰ্ণ পথ ডিমৌ চাৰিআলিৰ পৰা পেটবঢ়া সংযোগী পথৰো মেৰামতি তথা পুনঃনিৰ্মাণ কামৰো আধাৰশিলা স্থাপন কৰে । বিধায়কগৰাকীয়ে ক’লে, এক কোটি পয়সত্তৰ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া পথটো এইবাৰ আধুনিক ৰূপত সজাই তোলা হ'ব । ইপিনে ২০২২-২৩ বৰ্ষত ৰহা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বাট-পথ মেৰামতি তথা পুনঃনিৰ্মাণৰ বাবে ৪২ কোটি টকা আৱণ্টন হোৱা বুলিও সদৰি কৰে । ইপিনে গুৰুত্বপূৰ্ণ পথ দুটা পুনঃনিৰ্মাণৰ কাম আগবঢ়াত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: Tiwa Students Union foundation day: আৰম্ভ হ’ল সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস