thumbnail

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:16 PM IST

Updated : Dec 3, 2023, 7:57 PM IST

ETV Bharat / Videos

মিজোৰামত যি দলেই জিকিব বিজেপি তাৰেই লগত থাকিব: হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 3 ডিচেম্বৰ : সোমবাৰে ভোটগণনা হ’বলগীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফলত যিকোনো এটা আঞ্চলিক দলে জয়লাভ কৰিব ৷ যিটো দলেই জয়লাভ কৰে উক্ত দলটো বিজেপিৰ লগতে থাকিব ৷ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷

চাৰিখন ৰাজ্যৰ নিৰ্বাচনত চমকপ্ৰদভাৱে জয়লাভ কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেলেংগানাত যোৱা বাৰৰ তুলনাত বিজেপিয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চাৰিওখন ৰাজ্যৰ জনসাধাৰণৰ ওচৰত শিৰ নত কৰি হৃদয়ৰ গভীৰতম কোণৰ পৰা ধন্যবাদৰ লগত কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব বুলি আজিৰ ফলাফলে পতিয়মান কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

চাৰি ৰাজ্যৰ ফলাফল ঘোষণাৰ আগদিনাই ভূপেন বৰাই ‘‘কাইলৈ পুৱাৰে পৰা বিজয় উৎসৱ উদযাপন কৰিম’’ বুলি কৰা মন্তব্যৰ প্ৰসংগতো মুখ্যমন্ত্ৰী ড৹ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ড৹ শৰ্মাই কয় যে জনসাধাৰণৰ ৰায়ক সদায় শিৰ নত কৰি স্বীকাৰ কৰিব লাগে ৷ ৰিজাল্ট নোলাওতেই বহুত বেছি আনন্দ কৰা ভাল নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে আজিৰ ফলাফলত কংগ্ৰেছে লাভ কৰা আসনকেইখনো 2024ৰ লোকসভা নিৰ্বাচনত নোহোৱা হ’ব বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : চন্দ্ৰশেখৰৰ ছন্দ পতন: মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ

Last Updated : Dec 3, 2023, 7:57 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.