World records India: আন এক অভিলেখ গঢ়িলে অসমৰ বিহুৱে - World records India
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18292596-thumbnail-16x9-gu-aspera.jpg)
গুৱাহাটী, ১৮ এপ্ৰিল: বিহু নৃত্যৰ প্ৰতি ৰাইজৰ মাজত সজাগতা সৃষ্টি আৰু ৰাইজক মনোৰঞ্জন প্ৰদান কৰাৰ উদ্দেশ্যৰে ডিজিটেল প্লেটফৰ্মত আয়োজন কৰা বিহু নৃত্য প্ৰতিযোগিতাৰ জৰিয়তে অভিলেখ গঢ়িবলৈ কৰিবলৈ সক্ষম হৈছে আশীৰ্বাদ আটাই । আশীৰ্বাদ আটাৰ উদ্যোগত ১৪-১৭ এপ্ৰিললৈ গুৱাহাটীৰ লতাশিল, চানমাৰি আৰু গণেশগুৰিত ৪ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল "Match the bihu beat whith aashirvaads 4 step advantage challenge" শীৰ্ষক প্ৰতিযোগিতাখনিৰ (Record by completing Bihu dance in 30 seconds) ।
উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল ৩ হাজাৰতকৈ অধিক লোকে । ডিজিটেল মঞ্চত প্ৰদৰ্শন কৰা বিহুগীতৰ তালে তালে অংশগ্ৰহণকাৰীসকলে ৩০ ছেকেণ্ডত নৃত্য সম্পূৰ্ণ কৰিছিল । ডিজিটেল মাধ্যমৰ জৰিয়তে ৰাইজক বিহু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাই আশীৰ্বাদ আটাই অভিলেখ গঢ়ি world records india ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰে আশীৰ্বাদ আটাৰ কৰ্তৃপক্ষই ।
লগতে পঢ়ক: New born case: এগৰাকী প্ৰসূতিয়ে জন্ম দিলে চাৰিটিকৈ দেৱশিশু