Kolia Bhomora Setu: কলীয়া ভোমোৰা প্ৰথম দলঙৰ পুনৰ নিৰ্মাণৰ কাম স্তব্ধ - গেমন ইণ্ডিয়া লিমিটেড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17405295-thumbnail-3x2-lakhimpur.jpg)
কলীয়া ভোমোৰাৰ প্ৰথমখন দলঙৰ পুনৰ নিৰ্মাণৰ কাম স্তব্ধ হৈ পৰিল(Kolia Bhomora Setu) । ১ নৱেম্বৰৰ পৰা এই দলংখনৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল গেমন ইণ্ডিয়া লিমিটেডে(Gammon India Limited) । কিন্তু বিগত ১৫ দিন ধৰি কোম্পানীৰ লোকে নিৰ্মাণ কাম বন্ধ কৰি ৰাখিছে । নিৰ্মাণ কোম্পানী আৰু চৰকাৰৰ মাজত এক বিত্তীয় লেনদেনৰ বাবে দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ হৈ আছে । ১৯৮৭ চনৰ ১৪ এপ্ৰিল তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে(Ex Prime minister Rajiv Gandhi) এই দলংখন মুকলি কৰিছিল । আনহাতে কোনো অনুষ্ঠানিকতা নোহোৱাকৈ যাতায়তৰ বাবে মুকলি কৰা হৈছে নৱনিৰ্মিত কলীয়া ভোমোৰা দ্বিতীয়খন দলং । মুঠ ৫৮৮.৯৫ কোটি টকা ব্যয় সাপেক্ষে দুয়োখন দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি অহা বছৰত এই দলং দুখন উদ্ধোধন কৰা হ’ব । উত্তৰ অসমৰ চাৰিখন জিলা আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা পাছিঘাট আৰু পশ্চিমে টাৱাং, পশ্চিম কামেং, অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৰ সংযোগী সেনা বাহিনীৰ লোকৰ বাবে এইখনেই যোগাযোগৰ অন্যতম দলং ।
Last Updated : Feb 3, 2023, 8:38 PM IST