Arnamai Bora murder case: আৰক্ষীয়ে সঠিক তথ্য যুগুত কৰাত ব্যৰ্থ হৈছে : অন্নমাই বৰাৰ স্বামী - চেলিম উদ্দিনক যাৱৎজ্জীৱন কাৰাদণ্ড ঘোষণা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 17, 2023, 7:55 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ হত্যাকাণ্ডৰ (Arnamai Bora murder case) অপৰাধীৰ শাস্তি ৰেহাই উচ্চ ন্যায়ালয়ৰ (Gauhati High Court)। শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত অৱশেষত মুকলি আকাশলৈ ওলাই অহাৰ সুযোগ লাভ কৰিলে ৷ হোজাই জিলাৰ যমুনামুখত চানজুৰীয়া ইলাচি দেওৰী এলপি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয় ছুটী হোৱাৰ পিচত ঘৰলৈ গৈ থকা অৱস্থাতে আদবাটতে দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছিল ৷

তাৰ পাচত মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছিল 2017 চনৰ মে’ মাহত ৷ এই ঘটনাৰ পাচতে হোজাই জিলাতে নহয় সমগ্ৰ অসম উত্তেজিত হৈ পৰিছিল । 2018 চনৰ 1 আগষ্টত হোজাই জিলা আদালতে হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক ফাঁচী আৰু চেলিম উদ্দিনক যাৱৎজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছিল ।

কিন্তু শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মূল অপৰাধী মইনুল হকক ফাঁচীৰ শাস্তি ৰেহাই ঘোষণা কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অন্নমাই বৰাৰ স্বামীয়ে । আনহাতে আৰক্ষীয়ে সঠিক তথ্য যুগুত কৰাত ব্যৰ্থ বুলি মন্তব্য কৰে অন্নমাই বৰা স্বামী লগতে স্থানীয় লোকেও (Reaction of Arnamai Bora murder case) ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.