thumbnail

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 12:27 PM IST

ETV Bharat / Videos

National Unity Day:সৰুপথাৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

সৰুপথাৰ, 31 অক্টোবৰ : ‘ৰাষ্ট্ৰীয় একতা দিৱস’ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে সূচনা কৰা এটা দিৱস । ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱসৰ শুভাৰম্ভণি কৰিছিল । প্ৰতি বছৰে ৩১ অক্টোবৰত অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম তিথিত এই দিৱস পালন কৰা হয় ।

আজি, মঙলবাৰে ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসন তথা সৰুপথাৰ আৰক্ষী থানাৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসৰ প্ৰাকক্ষণত একতা দৌৰ অনুষ্ঠিত কৰা হৈছে । আজি পুৱা ৯ বজাত আৰম্ভ কৰা হয় এই একতা দৌৰ । ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া দ্বীপেন পাটৰৰ নেতৃত্বত সৰুপথাৰ আৰক্ষী থানা, উৰিয়ামঘাট আৰক্ষী থানা, বৰপথাৰ থানা, চুঙাজান আৰক্ষী থানা আৰু নাওজান আৰক্ষী চকীৰ আৰক্ষীসকল একত্ৰিত হৈ এই দৌৰত অংশ লয় ।

সামূহিক দৌৰত ধনশিৰি মহকুমাৰ গাওঁৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজেও অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : National Unity Day : গোলাঘাটত জিলা প্ৰশাসন আৰু আৰক্ষীৰ একতা সমদল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.