Ferry service in Majuli:মাজুলী নিমাতী ফেৰীৰ যাত্ৰীক লৈ পুনৰ হেতালি - Nimati Majuli ferry service may stopped

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 15, 2022, 3:00 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

মাজুলী-নিমাতীঘাটৰ ফেৰীৰ যাত্ৰীক লৈ পুনৰ হেতালি পৰিবহণ বিভাগৰ । প্ৰথমে কুঁৱলীৰ অজুহাতত নচলালে ৰপেক্স (Ropex not running in Majuli)। তাৰ পাছত বেটাৰী চার্জ নথকা অজুহাত দেখুৱাই ফেৰীৰ পৰা নমাই দিলে যাত্ৰী আৰু বাহন সমূহ । আনহাতে, কমলাবাৰীৰ পৰা নিমাতীলৈ যোৱা দুখন ফেৰী কুঁৱলীৰ বাবে চাপৰিত আবদ্ধ (Ferry trapped due to fog at Majuli) হৈ আছিল । অৱশ্য়ে বৰ্তমান কুঁৱলী কিছু পৰিমাণে কম হোৱাৰ বাবে নিমাতিলৈ ৰাওনা হৈছে ফেৰী দুখন । ইপিনে,আহিনৰ বানত ডুব গৈছে ফেৰীঘাট । এনেক্ষেত্ৰত যিকোনো মূৰ্হুতত বন্ধ হ'ব পাৰে নিমাতী-মাজুলী ফেৰী সেৱা (Nimati Majuli ferry service may stopped) ৷ যোৱা কেইবাদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ (Ferry service may closed due to heavy rain)। বাঢ়নী পানীয়ে বুৰাই পেলাইছে ফেৰী থোৱা ৰেম্পসমূহো । ফলত যিকোনো সময়ত বন্ধ হ’ব পাৰে মাজুলী-নিমাতীৰ মাজত চলাচল কৰা ফেৰী সেৱা । অৱশ্যে এনে অৱস্থাতো বৰ্তমান অব্যাহত আছে ফেৰীসেৱা ৷ কেৱল চাৰিচকীয়া বাহন পাৰাপাৰ হোৱাতহে বাধা প্ৰদান কৰিছে জিলা প্ৰশাসনে । আনহাতে, যাত্ৰী আৰু বাইক পাৰাপাৰ হৈছে ফেৰীসমূহেৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.