Rape news: কিশোৰীৰ সৈতে অসৎ চৰিতাৰ্থ পূৰণৰ অভিযোগত ৰঙাঘৰৰ আলহী খুৰাক

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 8:16 PM IST

thumbnail

ডিব্ৰুগড়, 23 ছেপ্টেম্বৰ : মৰাণত ঘটিছে এক জঘন্য ঘটনা ৷ মানৱ সমাজক লজ্জিত কৰা এই ঘটনাত ক্ষোভত ফাটি পৰিছে গাঁওবাসী ৷ প্ৰাপ্ত বাতৰি অনুসৰি, বয়সীয়াল খুৰাকৰ কামনাৰ বলি হ’ল এগৰাকী 13 বছৰীয়া ছোৱালী ৷ কথাটো ছোৱালীজনীয়ে প্ৰথমতে কাকো জনোৱা নাছিল ৷ কিন্তু লাহে লাহে তাইৰ সলনি হৈ অহা দেহাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাত গাঁওবাসীৰ মাজত আলোচনা হ’বলৈ ধৰে ৷ সেই ছোৱালীজনীৰ খুৰাকৰ বিৰুদ্ধেই ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ৷

জানিব পৰা মতে, ছোৱালীজনীৰ পিতৃ-মাতৃ কোনোৱেই নাই ৷ খুৰাকেই দায়িত্ব লৈছিল তাইৰ ৷ দুয়ো সৰহভাগ সময়তে একেলগে থাকে ৷ বিক্ৰম মাঝি নামৰ মানুহজনে নিজৰ লগত সকলো সময়তে এখন দা ৰাখে বাবে গাঁৱৰ কোনেও কথাটো সুধিবলৈ সাহস কৰা নাছিল ৷ পিছে এগৰাকী আশা কৰ্মীয়ে তেওঁক এই বিষয়ে সোধাত তেওঁ নিজেই এই কথা স্বীকাৰ কৰে বুলি জানিবলৈ দিয়ে ৷

ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণৰ ১ নং তিলৈজান গাঁও । পঞ্চম শ্ৰেণীত পঢ়ি আছিল ছোৱালীজনী । তাই ৫ মহীয়া অন্তসত্বা হোৱাতহে এই ঘটনা পোহৰলৈ আহে ৷ বিক্ৰম মাঝিক কৰায়ত্ত কৰি শনিবাৰে গাঁওবাসীয়ে মৰাণ আৰক্ষীক চমজাই দিয়ে । উক্ত ঘটনাই সমগ্ৰ মৰাণ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Rape charge against a teacher: ছাত্ৰীক যৌন উৎপীড়নৰ চেষ্টা শিক্ষকৰ; স্বীকাৰ কৰিলে নিজৰ দোষ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.