Amrit Kalash Yatra: অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ ৰণোজ পেগুৰ - Amrit Kalash Yatra continues in Kalgachia
🎬 Watch Now: Feature Video
Published : Oct 6, 2023, 4:57 PM IST
জনিয়া, ৬ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে 'মোৰ দেশ মোৰ মাটি' কাৰ্যসূচীৰ অংশস্বৰূপে সমগ্ৰ দেশতে অনুষ্ঠিত কৰা হৈছে অমৃত কলহ যাত্ৰা । শুকুৰবাৰে কলগাছিয়াৰ তিতাপানী গাঁও পঞ্চায়তত অনুষ্ঠিত হয় অমৃত কলহ কাৰ্যসূচী । প্ৰতিটো জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাপানী গাঁও পঞ্চায়তত এই অমৃত কলহ যাত্ৰা উপলক্ষে মাটি সংগ্ৰহ কৰা দেখা যায় । লগতে তিতাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ খনকৈ গাঁৱৰ পৰা মাটি সংগ্ৰহ কৰে ।
এই অমৃত কলহ যাত্ৰা অনুষ্ঠানত উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু । বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ গাঁও পঞ্চায়তত অমৃত কলহ যাত্ৰা উপলক্ষে প্ৰতিঘৰ মানুহৰ পৰা মাটি সংগ্ৰহ কৰে লগতে উক্ত মাটি কলাক্ষেত্ৰত সংৰক্ষণ কৰা হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে। উক্ত উদ্দেশ্য আগত ৰাখি বৰপেটা জিলাৰ তিতাপানী গাওঁ পঞ্চায়তত অমৃত কলহ যাত্ৰা সম্পূৰ্ণ কৰে ।
এই অভিযান অক্টোবৰ মাহৰ ২৮ তাৰিখলৈ চলিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ লগতে উপস্থিত থাকে বৰপেটা জিলা আয়ুক্ত আয়ুষ গৰ্গ, বৰপেটা জিলা বিজেপি সভাপতি অনিল দাস, তিতাপানী গাঁও পঞ্চায়তৰ সভাপতি আছাদুল ইছলাম, ৰূপসী খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী, আত্ম সহায়ক গোটৰ মহিলা আৰু অঞ্চলটোৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তি ।
লগতে পঢ়ক: Amrit Kalash Yatra: হোজাইত অমৃত কলহ যাত্ৰাৰ সামৰণি